ড০ হীৰেন গোঁহাইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আপৰ

আপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতি ডা০ ভবেন চৌধুৰীয়ে আজি সংবাদমেলত বিজেপি চৰকাৰক সাম্প্ৰদায়িক আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ বুলি অভিহিত কৰিছে। ড০ হীৰেন গোঁহাইৰ নেতৃত্বত বিৰোধী শক্তি এক হোৱাৰ আহ্বানৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনায়৷ তত্বাৱধায়ক ৰাজেশ শৰ্মাই দিল্লী নিৰ্বাচনৰ প্ৰত্যুত্তৰ অসমত দিব বুলি ঘোষণা কৰিছে।

মনোজ ধানোৱাৰ নিষ্ক্ৰিয় হৈ পৰাত ১ ফেব্ৰুৱাৰীত ডা০ ভবেন চৌধুৰীক ভাৰপ্ৰাপ্ত ৰাজ্যিক সভাপতি নিযুক্তি দিয়া হয়। দায়িত্ব গ্ৰহণ কৰিয়েই তেওঁ সংবাদমেলত ৰাজনৈতিক হিংসা, গণতান্ত্ৰিক প্ৰতিবাদত বাধা, সাংসদ আৰু বিধায়কৰ পত্নীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে। সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা আক্রমণক গৰিহণা দি তেওঁ কয় যে এয়া ৰাজ্যৰ ৰাজনীতিৰ বাবে এক অশনি সংকেত।

ভবেন চৌধুৰীয়ে কয় যে বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দল এটাক কোনো দলেই অকলে প্ৰতিহত কৰিব নোৱাৰে। যদিও আপে এক সবল যুঁজ আগবঢ়াব পাৰিব, কিন্তু বিজেপিক সম্পূৰ্ণৰূপে প্ৰতিহত কৰিবলৈ সকলোৰে সহায় প্ৰয়োজন হ’ব। তেওঁলোকে পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ থকাৰ কথা উল্লেখ কৰিছে।

চৌধুৰীয়ে কয় যে বিজেপিয়ে যিমানেই দমন নীতি অৱলম্বন নকৰক কিয়, ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে ২০২৬ চনত নিশ্চয় দিব। অত্যধিক মূল্যবৃদ্ধি, সাম্প্ৰদায়িক মন্তব্য, পৰিবেশ ধ্বংস, বানপানী আদি সমস্যা সমাধানত ব্যৰ্থ চৰকাৰখনৰ বিৰুদ্ধে সাধাৰণ ৰাইজৰ ক্ষোভ দিনক দিনে বাঢ়ি আহিছে। তেওঁ অভিযোগ কৰে যে চৰকাৰখনে ২০২৬ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাতে ৰাইজে আতংক আৰু সংশয়ৰ বাবে ৰাজপথলৈ ওলাই নাহে।

এপিএছচিৰ কেলেংকাৰীৰ তদন্তৰ বাবে গঠিত বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি চৌধুৰীয়ে কয় যে অভিযুক্তৰ ভাষ্যহে গুৰুত্ব পাইছে, আৰক্ষী বিষয়াৰ ভাষ্য গ্ৰহণ কৰা হোৱা নাই। তেওঁ উমৰাংছুৰ কয়লাখনিৰ অবৈধ খনন আৰু শাসকীয় এচামৰ আয়তকৈ অধিক সা-সম্পত্তিৰ তদন্ত নোহোৱাকৈয়ে ৰখা হৈছে বুলি অভিযোগ উত্থাপন কৰে।

শেষত তেওঁ কয় যে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ ৰাজনীতি অতি নিম্ন স্তৰলৈ আৰু ব্যক্তিগত শত্রুতা পূৰণৰ স্তৰলৈ নমাই আনিছে, যিটো ৰাজ্যৰ ভৱিষ্যতৰ বাবে অশুভজনক।

  • Related Posts

    মহবুবুল হকক এটা গোচৰত জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    মেঘালয়ৰ ৰি-ভই জিলাৰ ব্যক্তিগত খণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় (চমুকৈ ইউএছটিএম)ৰ স্বত্বাধিকাৰী তথা উপাচাৰ্য মহবুবুল হকক গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত জামিন প্ৰদান কৰিছে। শ্ৰীভূমিৰ পাথাৰকান্দি আৰক্ষী থানাত ৰুজু…

    ৰাকেশ পালৰ দিনত চাকৰি পোৱা ৬১০ জনেই সুৰক্ষিত, বিধানসভাত অখিল-হিমন্তৰ তৰ্কযুদ্ধ

    অসম বিধানসভাত আজি এপিএছচিৰ কেলেংকাৰীৰ প্ৰসংগত উত্তপ্ত হয়। অখিল গগৈয়ে ৰাকেশ পালৰ দিনত ২০১৩ আৰু ২০১৪ চনত চাকৰি পোৱা ৬১০ জনৰ বিষয়ে চাঞ্চল্যকৰ তথ্য দাঙি ধৰে। তেওঁৰ মতে, এই চাকৰিয়ালসকলক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…