তিনিচুকীয়াত ঐতিহাসিক ন-পুখুৰীত ষট পূজা লৈ উত্তেজনা

ঐতিহাসিক ন-পুখুৰী এলেকাত ষট পূজা পালনৰ অনুমতি লৈ তিনিচুকীয়া জিলাত উত্তেজনাই চূড়ান্ত ৰূপ ধাৰণ কৰিছে। মৰাণ, মটক আদি জনগোষ্ঠীৰ সংগঠনসমূহে এই অনুষ্ঠানক “সাংস্কৃতিক আক্ৰমণ” বুলি অভিহিত কৰি তীব্ৰ বিৰোধিতা কৰাৰ পিছত প্রশাসনে শান্তি-শৃংখলা ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা হাতত লৈছে। জিলাখনৰ বিভিন্ন অঞ্চলত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।

২২ মাৰ্চত বিজেপিয়ে তিনিচুকীয়াত “বিহাৰ দিৱস” পালনৰ প্ৰস্তাৱৰ বিৰুদ্ধে স্থানীয় সংগঠনসমূহে প্ৰতিবাদ সৃষ্টি কৰে। ফলত বিজেপিয়ে অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হয়।

ইয়াৰ পিছত প্রশাসনে ঐতিহাসিক ন-পুখুৰীত বিহাৰী সম্প্ৰদায়ৰ ষট পূজা অনুষ্ঠিত কৰাৰ অনুমতি দিয়াত পুনৰ উত্তেজনা বৃদ্ধি পায়। স্থানীয়সকলে ইয়াক বেংমৰা ৰাজ্যৰ ঐতিহ্যত আক্ৰমণ কৰা বুলি অভিযোগ কৰে।

২ মাৰ্চৰ নিশাত বিহাৰী গোষ্ঠীৰ দ্বাৰা পথ অৱৰোধ আৰু শ্লোগানৰ ঘটনাই পৰিস্থিতি অধিক উত্তপ্ত কৰে। উত্তৰপ্ৰদেশ/বিহাৰী সম্প্ৰদায় আৰু থলুৱা জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ আশংকাত আৰক্ষীয়ে জিলাজুৰি কঠোৰ পহৰাৰ ব্যৱস্থা কৰে।

জিলা আয়ুক্তই সংঘৰ্ষৰ সম্ভাৱনাৰ কথা বিবেচনা কৰি মৰাণ-মটক সংগঠনৰ নেতৃবৃন্দৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। বৈঠকত ন-পুখুৰী এলেকাক ঐতিহাসিক ভাৱে মৰাণ-মটক জনগোষ্ঠীৰ বাবে সংৰক্ষিত ৰখাৰ সিদ্ধান্ত গৃহীত হয়। লগতে এই এলেকাত ভৱিষ্যতে কেৱল স্থানীয় জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানহে অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হ’ব বুলি ঘোষণা কৰা হয়।

আলোচনাৰ সময়ত জিলা আয়ুক্তই কয়, “আইন-শৃংখলাৰ স্বাৰ্থত যিকোনো কঠোৰ ব্যৱস্থা ল’ম। গুণ্ডাগৰ্দী ইয়াত চলিব নোৱাৰে।” এই মন্তব্যৰ ভিডিঅ’ই সামাজিক মাধ্যমত ভাইৰেল হোৱাত প্রশাসনৰ ভূমিকাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

তিনিচুকীয়াক ১৭৯১ চনত স্বাধীন বেংমৰা ৰাজ্যৰ ৰাজধানী হিচাপে প্রতিষ্ঠা কৰে ৰজা সৰ্বানন্দ সিংহই। ন-পুখুৰী এই ৰাজ্যৰ এক সাংস্কৃতিক প্ৰতীক হিচাপে বিবেচিত। স্থানীয়সকলৰ মতে, বিহাৰী সম্প্ৰদায়ৰ দ্বাৰা ইয়াত ষট পূজাৰ দৰে অনুষ্ঠানে স্থানীয় পৰিচয়ৰ প্ৰতি প্ৰত্যাহ্বান বুলি কয়।

প্রশাসনৰ সিদ্ধান্তৰ পিছত উত্তেজনা অলপ হ্ৰাস পোৱা দেখা গৈছে। যদিও উভয় পক্ষৰ মাজত অসন্তোষ আছে। আৰক্ষী-প্রশাসনে সতৰ্কতামূলক ব্যৱস্থা অব্যাহত ৰাখিছে। জিলা আয়ুক্তই মুখ্য সচিবলৈ ন-পুখুৰীৰ ঐতিহাসিক মর্যাদা সংৰক্ষণৰ বাবে প্রস্তাৱ পঠোৱাৰ কথা উল্লেখ কৰিছে।

 

  • Related Posts

    চাপৰত আজিও চলিল বুলডজাৰ : দেশীক উচ্ছেদ কৰাত প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰতিশ্ৰুতি

    ধুবুৰী জিলাৰ চাপৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰা অসমৰ ইতিহাসৰ আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান আজি দ্বিতীয় দিনটোও অব্যাহত থাকে। অধিকাৰিক তথ্য অনুসৰি ইতিমধ্যে ২ হাজাৰ বিঘাতকৈ বেছি ভূমিত উচ্ছেদ সম্পন্ন কৰা…

    ধুবুৰীৰ চাপৰত আদানী প্ৰকল্পৰ বাবে ৩৫০০ বিঘা মাটিত বৃহৎ উচ্ছেদ অভিযান — উত্তপ্ত পৰিস্থিতি

    অসম চৰকাৰৰ উদ্যোগত আজিৰে পৰা নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰত আৰম্ভ হৈছে ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান। আদানী গোটৰ প্ৰস্তাৱিত তাপ-বিদ্যুৎ প্ৰকল্পৰ বাবে ৩৫০০ বিঘা ভূমি খালী কৰিবলৈ ১০৬৯টা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!