উমৰাংছুৰ ভয়াবহ অবৈধ কয়লাখনিটোৰ পৰা আজি তিনিটা আৰু পূৰ্বে এটা মৃতদেহসহ মুঠ এতিয়ালৈ চাৰিটা মৃতদেহ উদ্ধাৰ হৈছে৷ কয়লাখনিটোৰ ১০০ ফুট পানীত আৱদ্ধ হৈ পৰা ৯গৰাকী শ্রমিকৰ মাজৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ হৈছে৷ বিগত ছয়টা দিনে সেনা, নৌ সেনা, এনডিআৰএফ আৰু এছডিআৰএফে যৌথ উদ্ধাৰ অভিযান চলাই গৈছে৷ প্ৰথমটো নেপালৰ গংগা বাহাদুৰ শ্রেষ্ঠৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আজি পুৱা কয়লা খনিটোৰ পৰা উমৰাংছুৰ স্থানীয় শ্রমিক লিজেন মগৰৰ মৃতদেহ উদ্ধাৰ হয়। পিছতেই কোকৰাঝাৰৰ ফকিৰাগ্রাম নিবাসী খুচি মোহন ৰায় (৫৭), শোণিতপুৰ জিলাৰ থাইলাপাৰা বটাশিপুৰৰ শৰৎ গয়াৰীৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে। খনিটোৰ পৰা পাঁচটা পাম্পৰে অহৰহ পানী সিঁচি থকা হৈছে৷ খনিটোত পানীৰ পৰিমাণ সন্তোষজনকভাৱে হ্রাস পাইছে। যান ফলত উদ্ধাৰকাৰী বাহিনীয়ে আণ্ডাৰ ৱাটাৰ ৰিমট অপাৰেটিং বেহিকল খনিটোত নমাবলৈ সক্ষম হৈছে। নাগপুৰৰ পৰা অনা অত্যাধুনিক পানী নিষ্কাশণৰ মেচিনটো আজিৰে পৰা কার্যক্ষম হৈ পৰাত কাইলৈ খনিটোত পানীৰ পৰিমাণ অধিক পৰিমাণে হ্রাস হ’ব বুলি আশা কৰা হৈছে। আজি আৰক্ষী শীর্ষ বিষয়া হৰমিত সিং আৰু জিলা আযুক্ত গৰাকীয়ে সমগ্র উদ্ধাৰ কার্য তদাৰক কৰে। চৰকাৰী তথ্য মতে, খনিটোত এতিয়াও ১২ মিটাৰ পানী মজুত আছে। উদ্ধাৰ অভিযানত আন এক সমস্যাই দেখা দিছে৷ খনিটোত এতিয়ালৈ উদ্ধাৰ হোৱা শ্রমিকসকলৰ মৃতদেহ উৱলি গৈছে৷ ফলত মৃতদেহ চিনাক্ত কৰাত সমস্যাত পৰিছিল প্ৰশাসন৷
সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ
চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…