
প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পিছতেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত গৰম হৈ পৰিছে নিৰ্বাচনৰ প্ৰচাৰ। নামনি অসমৰ গাঁৱে-ভূঞে নেতা-পালিনেতাৰ ভিৰ দেখা গৈছে। শাসক-বিৰোধী নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত। বৰপেটাৰোডৰ সমীপৰ সংখ্যালঘুপ্ৰধান এলেকা বগৰীগুৰিত এক নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে সংসদ গৌৰৱ গগৈয়ে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, লোকসভা নিৰ্বাচনতকৈ এইবাৰ কংগ্ৰেছৰ ভোট বাঢ়িব। ৰাইজৰ মাজত এক সজাগতাৰ সৃষ্টি হৈছে, বিজেপিৰ অহংকাৰী আৰু তুচ্ছ-তাচ্ছিল্য কথাবোৰ ৰাইজে ভাল পোৱা নাই। যাৰ বাবে ৰাইজে আমাক বিচাৰিছে আৰু লোকসভা নিৰ্বাচনতকৈ এইবাৰ কংগ্ৰেছৰ ভোট বাঢ়িব বুলি কয়।তেওঁ কয়, বিজেপিৰ বিভিন্ন আঁচনি অকল কাগজতেই সীমাবদ্ধ৷ জলজীৱন আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰিছে কিন্তু ৰাইজে পানী পোৱা নাই। ২৪ ঘন্টা বিজুলী দিব পৰা নাই। তেওঁলোকে ধৰ্মৰ নামত ৰাজনীতি কৰে, কিন্তু ভগৱানৰ নাম লৈ অসমত আটাইতকৈ বেছি মদৰ দোকান খোল হৈছে৷ ইয়াতকৈ লজ্জাজনক কথা কি হব পাৰে বুলিও কয়। তেওঁলোকে মোৰ ওপৰত, মোৰ পৰিয়ালৰ ওপৰত, মোৰ সন্তানৰ ওপৰত ৰাজনীতি কৰিছে৷ আমি দুখীয়া ৰাইজৰ হৈ, নিবনুৱাৰ হৈ, ৰাজনীতি কৰি আছো। গৌৰৱ গগৈয়ে পাকিস্তান যোৱা সম্পৰ্কে সাংবাদিকৰ আগত কয়, যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা SIT গঠন কৰি এতিয়ালৈকে ৰাজহুৱাকৈ জনাব পৰা নাই৷ একেখিনি কথা দোহাৰি আছে। তেওঁ কয়, মই সদায় একলগ হোৱা বিচাৰো কিন্তু এনেকুৱা ব্যক্তিয়ে এদিন বিজেপিক সমালোচনা কৰিব, এদিন কংগ্ৰেছক সমালোচনা কৰিব, এদিন মন্ত্ৰীক প্ৰশংসা কৰিব, এদিন কংগ্ৰেছৰ নেতাক প্ৰশংসা কৰিব, তেনে ব্যক্তিৰ লগত ইচ্ছা থাকিলে কাম কৰাৰ অসুবিধা হ’ব বুলি জনায় সাংসদগৰাকীয়ে।