

আজি তেজপুৰৰ বৰঘাট দেৱেন্দ্ৰ নগৰস্থিত সশস্ত্ৰ সীমা বলৰ ৬৮ নং বাহিনীৰ নাগৰিক কল্যাণ কাৰ্যক্ৰমৰ অধীনত এছএছবিৰ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হয়৷ আজি পুৱা ১০ বজাৰ পৰা তেজপুৰ সোণাবিল চাহ বাগিচাৰ খেল পথাৰত দুদিনীয়া কাৰ্যসূচীৰে ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হয়। সোণাবিল চাহ বাগিচাৰ মুক্তি যোদ্ধা মালতী ওৰাং ৰংগমঞ্চত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত সশস্ত্ৰ সীমা বলৰ ৬৮ বাহিনীৰ কামাণ্ডেণ্ট ৰাজেশ কুমাৰ গুপ্তাই আদৰণি ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত তেজপুৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ DIG হৰি নাৰায়ন বিষ্ট উপস্থিত থাকে। উদ্বোধনী মেচত শোণিতপুৰ ফুটবল লীগ আৰু এছএছবি ৬৮ বাহিনীৰ মাজত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও স্থানীয় ৰাইজৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। চিকিৎসা শিবিৰত এছএছবিৰ চিকিৎসকসকলে স্থানীয় ৰাইজক চিকিৎসাসেৱা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে৷ এছএছবিৰ ৬৮ বাহিনীৰ কামাণ্ডেণ্ট ৰাজেশ কুমাৰ গুপ্তাই কয় যে ফুটবল প্ৰতিযোগিতা সফলভাৱে সমাপ্তি ঘটিছে৷ যুৱক-যুৱতী আৰু শিশুসকলৰ বিকাশ আৰু স্থানীয় ৰাইজৰ মাজত সদিচ্ছাৰ প্ৰয়াসৰ হেতুকে যুৱক-যুৱতীৰ প্ৰতিভা প্ৰদৰ্শন, দক্ষতা বিকাশ আৰু ক্ৰীড়াৰ মনোভাৱক প্ৰসাৰিত কৰাৰ প্ৰয়াস কৰা হৈছে৷