
ডিজিটেল ডেস্কঃ তেলেংগানাৰ পৰা ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে। সোমবাৰে মনোনয়ন পত্ৰ প্ৰদান কৰাৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী এ ৰেৱন্ত ৰেড্ডী, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী দীপা দাস মুনছীৰ লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতা আৰু কেবিনেট মন্ত্ৰী।
সিংভীৰ মনোনয়ন সন্দৰ্ভত ৰাজ্য মন্ত্ৰী উত্তম কুমাৰ ৰেড্ডীয়ে কয় যে, “অভিষেক মনু সিংভীয়ে তেলেংগানাৰ পৰা ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰিছে। আমি সকলোৱে অতি সুখী যে কংগ্ৰেছ দলৰ হাইকমাণ্ডে অভিষেক মনু সিংভীক ৰাজ্যসভাত তেলেংগানাক প্ৰতিনিধিত্ব কৰিবলৈ বাছি লৈছে।”
উল্লেখ্য যে, দেওবাৰে নিশা তেলেংগানাত শাসকীয় কংগ্ৰেছ বিধানসভা দলৰ পৰা ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ সমৰ্থন লাভ কৰে সিংভীয়ে। হায়দৰাবাদত চিএলপিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী তথা ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে সাংবাদিকৰ আগত কয় যে সিংভীক সভাত কংগ্ৰেছৰ বিধায়ক, সাংসদ আৰু এমএলচিৰ সৈতে চিনাকি কৰাই দিয়া হৈছিল।
২০১৪ চনত ৰাজ্যখনৰ দুভাগ বিভাজনৰ পিছত চুবুৰীয়া ৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশৰ সৈতে হোৱা বিবাদৰ সন্দৰ্ভত মন্তব্য কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সিংভীৰ নিৰ্বাচনে তেলেংগানাৰ উদ্বেগ আৰু সমস্যাসমূহ কেৱল সংসদতে নহয়, আদালততো উজ্জ্বল কৰি তোলাত সহায় কৰিব।
আনহাতে সিংভীয়ে কয় যে তেলেংগানাৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাটো তেওঁৰ বাবে এক সন্মানৰ কথা। মনোনয়ন দাখিল কৰাৰ পূৰ্বে সিংভীয়ে দলৰ নেতা কে কেশৱ ৰাওক সাক্ষাৎ কৰে, যিয়ে ভাৰত ৰাষ্ট্ৰ সমিতিৰ পৰা উচচ সদনৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ বাবে উপ-নিৰ্বাচনৰ প্ৰয়োজন হয়।