

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাত সাহিত্য সভাকে ধৰি বিভিন্ন জাতীয় সংস্থাই ভাৰত চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে৷ তেনে সময়ত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক সম্পূৰ্ণ ৰূপে বিপৰীত দেখা গৈছে৷ অসমীয়া ভাষাৰ স্বীকৃতিত অসন্তুষ্ট দেখা যায় জুবিনক৷ জুবিন গাৰ্গৰ মতে অসমীয়া ভাষাক স্বীকৃতিৰ দৰকাৰ নাই৷ ভাৰতত এটাই ধ্ৰুপদী ভাষা৷ সেইটো সংস্কৃত ভাষাহে৷ অসমীয়া ভাষাক স্বীকৃতি দিবলৈ কি আছে৷ লগতে ভাৰত চৰকাৰে আমাক কি দিছে বুলি প্ৰশ্ন কৰি গাৰ্গে কয় যে আমি তেল দি আছো, চাহ দি আছো৷ গঁড় দি আছো৷ জুবিন গাৰ্গ দি আছো৷ আজি গুৱাহাটীৰ এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত ইয়াক লৈ সাংবাদিকে গাৰ্গক প্ৰশ্ন কৰিছিল৷ প্ৰশ্ন শুনি খঙত অগ্নিশৰ্মা হৈ পৰে জুবিন৷ খঙৰ ভমকত টেবুলত ঢকিয়াই ঢকিয়াই প্ৰশ্নৰ উত্তৰ দি জুবিন গাৰ্গে স্পষ্টকৈ কয় যে ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব৷ আমিহে ভাৰত চৰকাৰক সকলো দি আছো৷