ত্ৰিশূল দীক্ষা কাৰ্যসূচী, বজৰং দলক অন্তিম সকীয়নি আলফা স্বাধীনৰ

সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ সহঃ প্ৰচাৰ সম্পাদক ঈশান অসমে আজি এক বিবৃতি যোগে মহাবীৰ লাচিত বৰফুকনৰ নামত বজৰং দলে অনুষ্ঠিত কৰিব খোজা ত্ৰিশূল দীক্ষা কাৰ্যসূচীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আলফা স্বাধীনে কয় যে মহাবীৰ লাচিত বৰফুকন অসমৰ থলগিৰি জাতি-জনগোষ্ঠীৰ শৌৰ্য-বীৰ্য্য তথা সাহসৰ প্ৰতীক৷ থলগিৰি জাতি সত্ত্বাৰ আবেগৰ নাম৷ এইগৰাকী মহান জাতীয় বীৰে হেংদাঙেৰে যুঁজ দি দিল্লীৰ আক্ৰমণকাৰীসকলক পৰাস্ত কৰি স্বদেশৰ সাৰ্বভৌমত্ব আৰু স্বজাতিৰ মান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল সেয়া সৰ্বজন বিদিত৷ সেয়েহে, মহাবীৰ লাচিত বৰফুকনৰ নাম মুখলৈ আহিলেই ‘হেংদাং’ৰ নামো স্বতঃস্ফুত মুখলৈ অহাটো স্বভাৱিক৷ কিন্তু, মহাবীৰ লাচিত বৰফুকনৰ আগন্তুক জন্ম-জয়ন্তী আয়োজনৰ নামত ২৪ নৱেম্বৰত বজৰং দলে সংগতিবিহীনভাৱে ত্ৰিশূল দীক্ষাৰ অনুষ্ঠান আয়োজন কৰি অসমৰ থলগিৰি জনগণৰ বুৰঞ্জীক বিকৃত কৰিব বিচৰা হৈছে৷ এয়া থলগিৰি জাতি-জনগোষ্ঠীৰ বাবে অপমানৰ বিষয়৷ যিটো থলগিৰি জনগণই কোনো কাৰণতেই সহ্য কৰিব নোৱাৰে৷ কিয়নো অসমৰ থলগিৰি জনগণৰ বুৰঞ্জীৰ ঊৰ্দ্ধত কোনো ৰাজনৈতিক বা অৰাজনৈতিক দল-সংগঠন হ’ব নোৱাৰে৷ সেয়েহে, সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ তৰফৰ পৰা সকলো দল-সংগঠনলৈ অন্তিম সকিয়নী প্ৰদান কৰা হৈছে যাতে কোনো দল-সংগঠনে অসমৰ বুৰঞ্জীক অৱমাননা আৰু বিকৃত নকৰে৷ আলফা স্বাধীনে পৰৱৰ্তী সময়ত বিবৃতিৰ পৰিৱৰ্তে অন্য উপায়েৰে তাৰ প্ৰতিক্ৰিয়া দিয়াৰ ব্যৱস্থা কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি সকীয়নি প্ৰদান কৰে বিদ্ৰোহী সংগঠনটোৱে৷ আনহাতে, ১২ নৱেম্বৰৰ শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলিৰত বোমাভৰ্তি মোনা উদ্ধাৰক লৈও আলফা স্বাধীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ একাংশ সংবাদমাধ্যমত প্ৰকাশ বাতৰিত উদ্বেগ প্ৰকাশ কৰি আলফা স্বাধীনে বিবৃতিৰ জড়িয়তে কয় যে সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ নামত কেতবোৰ আপত্তিজনক বাতৰি প্ৰকাশ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ আলফা স্বাধীনে স্পষ্ট কৰিব বিচৰাছে যে বাতৰিটোত প্ৰকাশ কৰা অনুসৰি আলফা স্বাধীনৰ কোনো সদস্য বা সহযোগীয়ে শিৱসাগৰ চহৰত বোমা সংস্থাপন কৰা নাই৷ আনকি সংগঠনৰ কোনো সদস্যই চহৰত বাহৰ পতা নাই৷ আনহাতে গোলাঘাটত আটক কৰা ব্যক্তিদ্বয়ৰ সৈতে কোনো সম্পৰ্ক নাই৷ এয়া ঔপনিৱেশিক ৰাষ্ট্ৰযন্ত্ৰৰ অংগসমূহে এখন পুৰণি নাটক পুনঃ মঞ্চস্থ কৰি সাধাৰণ জনগণক আতঙ্কিত কৰি ৰাখিব বিচাৰিছে৷ যাতে থলগিৰি জনগণৰ মন-মগজুত আলফা স্বাধীনৰ প্ৰতি হেয়ভাৱ উদয় হয়৷ থলগিৰি জনগণক বিনম্ৰ আহ্বান জনাই বিদ্ৰোহী সংগঠনটোৱে কয় যে একাংশ প্ৰচাৰ মাধ্যমৰ কেতবোৰ ভিত্তিহীন বাতৰি আৰু ঔপনিৱেশিক ৰাষ্ট্ৰৰ উচ্ছিষ্টভোগেৰে আত্মসন্তুষ্টি লাভ কৰি ভালপোৱা একাংশ প্ৰশাসনিক বিষয়াৰ ভুৱা তথ্যত থলগিৰি জনগণক প্ৰতিয়ন নাযাবলৈ আহ্বান জনাইছে৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে