
নতুন দিল্লীঃ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনীৰ নেতা সঞ্জীৱ দাস, জয়ন্ত দাস, পৱিত্ৰ হাজৰিকা, দ্বিপজ্যোতি দাসৰ নেতৃত্বত দিল্লীলৈ যোৱা এটা সঁজাতি দলে নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ, সামাজিক ন্যায় আৰু সৱলীকৰণৰ কেন্দ্ৰীয় মন্ত্ৰীৰ কাৰ্যালয়ক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰিছে৷ আজি নতুন দিল্লীত থকা দলটোৱে অসম মডিয়া চেণ্টাৰত সংবাদমেল সম্বোধন কৰি পাজ্য চৰকাৰে অসমৰ অনুসচিত জাতিৰ লোকসকলক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ সঞ্জীৱ দাস, জয়ন্ত দাস, পৱিত্ৰ হাজৰিকাই সম্বোধন কৰা সংবাদমেল যোগে অসম চৰকাৰে মিছন ভূমিপুত্ৰ এপ শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায়৷ নেতাকেইজনে দাবী কৰি কয় যে এপটো যোগে কেন্দ্ৰীয় চৰকাৰৰ নীতিক উলংঘা কৰি জাতিগত প্ৰমাণপত্ৰ দিয়া হৈছে৷ পিতৃৰ প্ৰমাণপত্ৰখনৰ জড়িয়তে এপটোত আৱেদন কৰিলেই সন্তানক প্ৰমাণপত্ৰ দিয়া হয়৷ অনুসূচিত জাতিৰ জাতিগত প্ৰমাণপত্ৰ দিবলৈ চাৰিটা প্ৰজন্মৰ তথ্য পুনৰীক্ষণ কৰিব লাগে৷ পূৰ্বপুৰুষৰ তথ্য পুনৰীক্ষণ কৰিহে প্ৰমাণপত্ৰ জাৰি কৰিব লাগে৷ চৰকাৰে এনে কৰি ১৯৯৪ চনৰ ০২ আগষ্টৰ উচ্চ ন্যায়ালয়ৰ-কুমাৰী মাধুৰী পাতিল বনাম অতিৰিক্ত আয়ুক্ত (১৯৯৪ ৬ এছচিচি ২৪১) গোচৰক লৈ দিয়া নিৰ্দেশনা উলংঘা কৰা হৈছে৷ আনহাতে অসমত সংঘটিত বিয়াগোম কেলেংকাৰীৰ প্ৰসংগ উল্লেখ কৰিছে৷ তেওঁলোকে সংবাদমেলত কয় যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণৰ বিভাগৰ অধীনৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালত অনুসূচিত জাতিৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সঞ্চালিকা কুলশ্ৰী নাথৰ দুই সহযোগী ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰই কাৰ্যালয়টোত ৰূপায়ন হোৱা আঁচনিৰ ধন ঠিকাদাৰৰ সৈতে লগলাগি লুণ্ঠন কৰিছে৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষত অনুসূচিত জাতিৰ লোকৰ মাজত টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটি টকাৰ আঁচনি ৰূপায়ন কৰা হৈছিল৷ এক আঁচনি যোগে একোটাকৈ টিভি, টিভি থবলৈ প্লাষ্টিকৰ টেবুল-চকী, প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ দিয়াৰ ব্যৱস্থা কৰিছিল৷ ঠিকা লাভ কৰিছিল ঠিকাদাৰ নুপূৰ চাহাই৷ নিবিদাৰ শেষত ঠিকাদাৰ নুপূৰ চাহাক ধন মুকলি কৰি দিয়ে। কিছু হিতাধিকাৰীক টিভিৰ সৈতে একোখন প্লাষ্টিকৰ টেবুল আৰু সেই টিভি বহি চাবলৈ দুখনকৈ প্লাষ্টিকৰ চকী প্ৰদান কৰা হয়৷ প্লাষ্টিকৰ চকীসমূহ ইমানে পাতল যে মানুহে বহিবই নোৱাৰে৷ টেবুলখনৰো অৱস্থা একেই৷ পাকঘৰৰ সামগ্ৰীসমূহ যেনে প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ আদি প্ৰদান কৰা হৈছে৷ টিভিসমূহো ব্ৰেণ্ডেড নহয় আৰু অত্যন্ত কম দামৰ৷ বজাৰত ৬০০ টকাত লাভ কৰা প্ৰেচাৰ কুকাৰ ২৭০০ টকা কিনা দেখুৱাইছে৷ ২৩ হাজাৰ টকীয়া টিভি ৫৯ হাজাৰ টকাত কিনা দেখুৱাছে৷ এই সামগ্ৰীসমূহ নিম্ন মানদণ্ডৰ আৰু ব্যৱহাৰৰ অনুপযোগী৷ এই দুৰ্নীতিত জড়িত সঞ্চালিকা কুলশ্ৰী নাথ, সুবৰ্ণময় দেৱ, ঠিকাদাৰ নুপূৰ চাহা আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰ৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ সম্পত্তিৰ তদন্ত কৰিবলৈ ইডিক নিৰ্দেশ দিয়ক৷ কিয়নো সুবৰ্ণময় দেৱৰ গুৱাহাটীৰ ৰুক্মিনীগাঁৱত তিনি কঠা মাটিত আছে তিনিমহলীয়া অট্টালিকা৷ ডাউন-টাউনত থ্ৰি-বিএইচকে ফ্লেট আছে৷ কন্যা আৰু পৰিয়ালৰ নামত বহু সম্পত্তি ক্ৰয় কৰিছে৷ সুবৰ্ণময় দেৱ আজি প্ৰায় ৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী৷ সুবৰ্ণময় দেৱে কাৰ্যালয়ত প্ৰায় ২৫ বছৰ ধৰি চাকৰি কৰি আছে৷ ২৫ বছৰেই কাৰ্যালয়টোত লুণ্ঠন চলাইছে৷ প্ৰায় ৫০ হাজাৰ টকা দৰমহা পোৱা এজন লোকে কেইটামান বছৰৰ ভিতৰত ইমান সম্পত্তি গঢ়িলে কেনেকৈ? আয়তকৈ তেওঁৰ সম্পত্তি অত্যাধিক৷ সেয়েহে আয় বহিৰ্ভূত সম্পত্তিৰ তদন্ত কৰিবলৈ ভাৰত চৰকাৰক ইডিক নিৰ্দেশ দিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক দাবী জনাইছো৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা শীঘ্ৰে লিটন মিত্ৰক তেওঁৰ নিজৰ বিভাগ অৰ্থনৈতিক পৰিসংখ্যা বিভাগলৈ বদলি কৰক৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ষ্টেনোগ্রাফাৰ পদৰ প্ৰয়োজনীয়তা নাই৷ সেয়েহে ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱক শীঘ্ৰে ডেপুটেচনত অন্য কাৰ্যালয়লৈ বদলি কৰক৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত কৰ্মৰত লিটন মিত্ৰ অৰ্থনৈতিক পৰিসংখ্যা বিভাগৰ কৰ্মচাৰী৷ ৮ বছৰে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত প্ৰকল্প বিষয়াৰ চকীত বহি থকা লিটন মিত্ৰক বদলি কৰা হৈছিল যদিও ন্যায়ালয়ৰ কাষ চাপি পিতৃৰ ৰোগৰ বাবে বদলি স্থগিত কৰিছিল৷ প্ৰকৃততে পিতৃৰ ৰোগ এক অজুহাতহে আছিল৷ ইপিনে অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি প্ৰদানত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰৰ দাবী জনায়৷ অনুসূচিত জাতিৰ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ নামত অহা ধন অনুসূচিত জাতি কল্যাণ সঞ্চালকে লুণ্ঠন কৰি আহিছে৷ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ নামত ৭ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে৷ প্ৰাক-প্ৰৱেশিকা বৃত্তিৰ নামত ৭ কোটি টকা কেলেংকাৰী সংঘটিত কৰা দুৰ্নীতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সেই টকা উদ্ধাৰ কৰি পুনৰ প্ৰাক-প্ৰৱেশিকা বৃত্তি প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক প্ৰদানৰ ব্যৱস্থা কৰক৷ সঞ্জীৱ দাসে সংবাদমেল যোগে আন এক দুৰ্নীতিৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে বৈদ্যুতিক তাঁতশাল বিতৰণৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰক৷ বৈদ্যুতিক তাঁতশালৰ নামত ৰাজকোষৰ পৰা টকা ওলাই গৈছে যদিও তাঁতশালসমূহ গুদামত পৰি থকাৰ তথ্য লাভ কৰিছো৷ বৈদ্যুতিক তাঁতশাল লাভ কৰা বোৱতীক প্ৰশিক্ষণ প্ৰদান কৰিব লাগিছিল যদিও আজিলৈ প্ৰশিক্ষণ প্ৰদান কৰা নহ’ল৷ বৈদ্যুতিক তাঁতশাল বিতৰণৰ নামত সংঘটিত দুৰ্নীতিৰ উচিত তদন্ত কৰক ভাৰত চৰকাৰে৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ত গোপনে কৰ্মচাৰী নিযুক্তি দিয়া হৈছে৷ কাৰ্যালয়টোক কৰ্মৰত এজন লোকৰ পৰিয়ালৰ লোকক কাৰ্যালয়টোত নিযুক্তি দিয়া হৈছে৷ নিযুক্তি পৰীক্ষা নপতাকৈ নিযুক্তি দিয়া কাণ্ডৰ তদন্ত কৰি কৰ্মচাৰীজনক শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰক৷ অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত টিভি আৰু পাকঘৰৰ সামগ্ৰী বিতৰণত সংঘটিত প্ৰায় ১৪০ কোটি টকীয়া দুৰ্নীতিৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগক অৱগত কৰা হৈছিল৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে ১৫ দিনৰ ভিতৰত তদন্ত কৰিবলৈ অসম চৰকাৰৰ মুখ্য সচিবক কঠোৰ নিৰ্দেশ দিছিল৷ কিন্তু নিৰ্দেশ অনুযায়ী তদন্ত কৰা নহ’ল৷ যাৰ বাবে অসমৰ মুখ্য সচিবক জবাবদিহী কৰা হওক। অনুসূচিত জাতিৰ এলেকাত মিনি ষ্টেডিয়াম নিৰ্মাণক লৈ হোৱা অনিয়মৰ তদন্ত কৰক ভাৰত চৰকাৰে৷ গোলাঘাট জিলাৰ সৰুপথাৰৰ চাংপুল, নগাঁও জিলাৰ দৰ্শন ফিল্ড আৰু বঢ়মপুৰত মিনি ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত লৈছিল৷ যদিও স্থান নিৰ্ধাৰণত অনিয়ম সংঘটিত হৈছে৷ ষ্টেডিয়ামকেইখন ৪০ শতাংশ অনুসূচিত জাতিৰ লোক বসতি কৰা এলেকাত নিৰ্মাণ হ’ব লাগিছিল৷ অনুসূচিত জাতিৰ উচ্চ শিক্ষা গ্ৰহণ কৰি নিবনুৱা হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰীক সৰ্বভাৰতীয় পৰীক্ষাত বহিব পৰাকৈ কোচিং দিয়াৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ পৰা ২০২৩ বৰ্ষলৈ অসমৰ অনুসূচিত জাতিৰ শিক্ষিত নিবনুৱাক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল৷ কিন্তু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ লাভ নকৰিলে৷ দুষ্ট চক্ৰই কোটি কোটি টকা ভুৱা তথ্যৰে সৰকাই নিয়ে৷ এই কুকীৰ্তিত জড়িত ব্যক্তিবিশেষ আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে চিবিআই তদন্ত ঘোষণা কৰা হওঁক৷ ৰাজ্যত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বেকলগ পদসমূহ পূৰণ কৰাৰো দাবী জনায়৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনীৰ নেতাসকলে কয় যে অনা-অনুসূচিত জাতিৰ বহু শ লোকে অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি অনুসূচিত জাতিৰ সংৰক্ষণ কব্জা কৰিছে৷ অনুসূচিত জাতিৰ লোক নোহোৱা সত্বেও অনুসূচিত জাতিৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি-শিক্ষাত সংৰক্ষণ পাইছে৷ অবৈধ চাকৰিয়ালসকলক চিনাক্ত কৰিবলৈ ন্যায়িক তদন্ত সমিতি গঠন কৰক ভাৰত চৰকাৰে। ৰাজ্যৰ চাফাই কৰ্মীসকল বেছিভাগেই অনুসূচিত জাতিৰ৷ কিন্তু বছৰ বছৰ তেওঁলোক অধিকাৰৰ পৰা বঞ্চিত৷ চাফাই কৰ্মীসকলৰ চাকৰি নমিয়মীয়াকৰণ কৰাৰ লগতে জীৱন-ধাৰণৰ প্ৰণালী উন্নত কৰিবলৈ বিশেষ আঁচনি গ্ৰহণ কৰক চৰকাৰে৷ চাফাই কৰ্মীৰ চাকৰি অনুসূচিত জাতিৰ বাবে এশ শতাংশই সংৰক্ষণ কৰক৷ অনুসূচিত জাতি-জনজাতিৰ বিষয়াসকলক জ্যেষ্ঠতাৰ ভিত্তিত পূৰ্বৰে পৰা পদোন্নতি দিয়াৰ ব্যৱস্থা আছে৷ কিন্তু শেহতীয়াকৈ পদোন্নতি বন্ধ কৰি ৰাখিছে চৰকাৰে৷ ৰাজ্যত কৰ্মৰত অনুসূচিত জাতিৰ বিষয়াসকলক শীঘ্ৰে জ্যেষ্ঠতাৰ ভিত্তিত পদোন্নতি দিয়ক৷ ভূমিহীন এছচি পৰিয়ালক ভূমি-পট্টা প্ৰদান কৰা হওক৷ আজিও বহু এছচি পৰিয়ালৰ নিজৰ নামত ভূমি নাই। তেওঁলোকক আইনি পট্টাসহ ভূমি প্ৰদান কৰা হওক। সংবিধান অনুসৰি বাজেটত ৬.৫ শতাংশ ধন ধাৰ্য্য কৰক৷ এছচিৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে সংবিধানত উল্লিখিত ৬.৫% বাজেট সংৰক্ষণ নিশ্চিত কৰা হওক।