
ডিজিটেল ডেস্কঃ হৃদয় ভাগিল ১৪০ কোটি ভাৰতীয়ৰ! বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মল্লযুঁজাৰুগৰাকীক প্ৰতিহত কৰি ফাইনেল প্ৰৱেশ কৰা ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাট হ’ল পেৰিছ অলিম্পিকৰ স্বৰ্ণজয়ৰ দৌৰৰ পৰা। আজি নিশা অনুষ্ঠিত হ’বলগীয়া ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই মাত্ৰ কেইগ্ৰামমান ওজন বৃদ্ধি পোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হ’ল কোটি কোটি ভাৰতীয়ৰ হৃদয়ৰ ৰাণী ‘প্ৰকৃত যোদ্ধা’ বিনেশ ফ’গাটক।
উল্লেখ্য যে, বিনেশ ফ’গাটে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু টকিঅ’ ২০২০ চেম্পিয়ন জাপানৰ য়ুই চুছাকিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। পিছত কোৱাৰ্টাৰ ফাইনেলত ইউক্ৰেইনৰ অক্সানা লিভাচৰ বিৰুদ্ধে খেলি বিনেশে ৭-৫ গ’লত পৰাস্ত কৰি ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। উপশেষ যুঁজখনত তেওঁ কিউবাৰ ইউছনেলিছ গুজমান লোপেজক পৰাস্ত কৰি পদক লাভ কৰি অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়।
কিন্তু ফাইনেলৰ পূৰ্বে মাত্ৰ ১০০ গ্ৰাম শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হয় বিনেশ ফ’গাটক। ইয়াৰ পিছতে ভাৰতীয় অলিম্পিক সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “এয়া দুখৰ বিষয় যে ভাৰতীয় দলটোৱে মহিলা মল্লযুঁজৰ ৫০ কেজি শ্ৰেণীৰ পৰা অযোগ্য ঘোষণা কৰাৰ খবৰ ভাৰতীয় দলটোৱে শ্বেয়াৰ কৰিছে। নিশাটোৰ ভিতৰত দলটোৱে বহু চেষ্টা কৰিও আজি পুৱা তেওঁৰ ওজন ৫০ কেজিৰ ওপৰত কেইগ্ৰামমান আছিল।’’
ভাৰতীয় অলিম্পিক সন্থাই আৰু কয় যে ভাৰতীয় দলটোৱে আপোনালোকক বিনেশৰ গোপনীয়তাক সন্মান কৰিবলৈ অনুৰোধ জনাইছে। ই হাতত থকা প্ৰতিযোগিতাসমূহৰ ওপৰত গুৰুত্ব দিব বিচাৰিব।
সাধাৰণতে ৫৩ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰা ফ’গাটৰ বাবে এই পৰিস্থিতি নতুন নহয়। অলিম্পিক কোৱালিফায়াৰৰ সময়তো একেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তেওঁ।
ভাৰত চৰকাৰে বিনেশৰ গোচৰৰ সম্ভাৱনাৰ সন্ধান কৰিবলৈ আই অ’ এৰ সভাপতি পি টি ঊষাৰ সৈতে যোগাযোগ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পি টি ঊষাৰ সৈতে কথা পাতি তেওঁৰ পৰা এই বিষয় আৰু বিনেশৰ বিপৰ্যয়ৰ পিছত ভাৰতৰ হাতত থকা বিকল্পসমূহৰ সন্দৰ্ভত প্ৰত্যক্ষ তথ্য বিচাৰিছে বুলি এএনআইৰ সূত্ৰই প্ৰকাশ কৰিছে।
মোদীয়ে তেওঁক বিনেশৰ গোচৰত সহায় কৰিবলৈ সম্পূৰ্ণ বিকল্পৰ সন্ধান কৰিবলৈ কয়। লগতে তেওঁ পিটি ঊষাক তেওঁৰ অযোগ্যতা সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ দাখিল কৰিবলৈ আহ্বান জনায় যদিহে সেইটোৱে বিনেশক সহায় কৰে।
প্ৰতিযোগিতাৰ নিয়ম অনুসৰি ৰূপৰ পদক লাভৰ বাবে যোগ্য নহ’ব, মাত্ৰ ৫০ কেজি শাখাত সোণ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলহে বাকী থাকিব।
ভাৰতীয় প্ৰশিক্ষকৰ উদ্ধৃতিৰে পিটিআইৰ এক প্ৰতিবেদনত কোৱা হৈছে যে আজি পুৱা ফ’গাটৰ ওজন ১০০গ্ৰাম বেছি হোৱা দেখা গৈছে।