দুই শতাধিকৰ অগপত যোগদান, চাবুৱা-লাহোৱাল সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা

আজি চাবুৱা-লাহোৱাল সমষ্টিত প্ৰায় দুই শতাধিক বিভিন্ন দলৰ নেতা-কৰ্মীয়ে অসম গণ পৰিষদত যোগদান কৰিছে৷ অগপৰ দখলত থকা চাবুৱা-লাহোৱাল সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক তৎপৰ হোৱাৰ সময়তে আজি পুনৰ দুই শতাধিক লোকক দলটোত যোগদান কৰিছে৷ দিছপুৰ এৰি তৃণমূল পৰ্যায়ত দলৰ ভেটি মজবুত কৰিবলৈ দিনে-নিশাই সমষ্টিত সময়কটোৱা পোনাকণ বৰুৱাৰ উপস্থিতিত আজি যোগদান সভা অনুষ্ঠিত হয়৷ ডিকমত অনুষ্ঠিত যোগদান সভাত বিভিন্ন দলৰ দুই শতাধিক নেতা-কৰ্মীয়ে অসম গণ পৰিষদত যোগদান কৰিছে। ডিকম টাউনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান কাৰ্যসূচীত বিজেপি-কংগ্ৰেছ দলৰ লগতে অন্যান্য দলৰ নেতা-কৰ্মীয়ে দলটোত যোগদান কৰিছে৷ বিধায়ক পোনাকণ বৰুৱা আৰু অগপৰ স্থানীয় নেতাসকলে দলটোত যোগদান কৰা নেতা-কৰ্মীসকলক একোখনকৈ ফুলাম গামোচা পিন্ধাই দলটোলৈ আদৰণি জনাইছে৷ বিধায়ক বৰুৱাই আজিৰ যোগদানে অগপৰ গণভিত্তি যে আছিল আৰু আছে সেই কথা প্ৰতিপন্ন কৰা বুলি কয়৷ দিন গৈ থাকে মানে অসমত অগপ দলৰ গণভিত্তি বাঢ়ি গৈ থাকিব বুলি দাবী কৰিছে বিধায়ক বৰুৱাই৷ অগপৰ ডিকমৰ স্থানীয় যুৱনেতা ৰাতুল গগৈয়ে অগপ দলটোৱে ৰাইজৰ মৰম-চেনেহৰ মাজত জীয়াই থকা দল বুলি উল্লেখ কৰি কয় যে অগপই সদায়েই ঐক্যত বিশ্বাসী দল বুলি কয়৷ অগপই জাতি, বৰ্ণ, ধৰ্মৰ নামত ৰাজনীতি নকৰে৷ সকলোকে সমমৰ্যাদা প্ৰদান কৰাৰ নীতিৰে অগপ দলে চাৰিটা দশক ৰাজনীতি কৰিছে আৰু অনাগত দিনত সমাজক এক কৰিবলৈ ৰাজনীতি কৰিব যাব৷ বিশেষকৈ চাবুৱা-লাহোৱাল সমষ্টিৰ ডিকম পঞ্চায়ত অগপৰ দখললৈ আনিবলৈ আহ্বান জনাইছে ৰাতুল গগৈয়ে৷ যোগদান সভাত অগপ নেত্ৰী অঞ্জলী গগৈ, যুৱ সমাজকৰ্মী নিৰ্মল গগৈও উপস্থিত থাকে৷

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…