দুখজনক! বাছ-পিকআপৰ সংঘৰ্ষত কৰুণ মৃত্যু ১০ জনৰ, আহত ২৭ জন

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল ১০ জনকৈ লোকৰ। পুৱা উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰত এখন বাছ আৰু এখন পিকআপৰ মাজত সংঘটিত হয় সংঘৰ্ষ। আৰক্ষীয়ে সদৰী কৰা মতে, এই দুৰ্ঘটনাটোত ১০ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ২৭ জন গুৰুতৰভাৱে আহত হয়। আহতসকলৰ ৪ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, বুলন্দশ্বহৰৰ চেলেমপুৰ-বদৌন পথত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত গাজিয়াবাদৰ পৰা সম্ভল অভিমুখে পিকআপখন গৈ থকাৰ বিপৰীতে যাত্ৰীবাহী বাছখন গৈ আছিল বুলন্দশ্বহৰ অভিমুখে। অৱশ্যে দুৰ্ঘটনাটো কিদৰে সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে উদ্ধাৰ অভিযান আৰম্ভ কৰি আহত সকলক নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে। পিছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে