
ডিজিটেল ডেস্কঃ সমাগত দুৰ্গাপূজা। পশ্চিম বংগৰ এই সৰ্ববৃহৎ ধৰ্মীয় উৎসৱটোৰ বাবে এতিয়া সাজু হোৱাৰ সময় আয়োজক সমিতিসমূহৰ। কিন্তু এইবাৰ দুৰ্গাপূজা আয়োজনত সৃষ্টি হৈছে অন্য এক বাধাৰ।
দুৰ্গাৰ প্ৰতিমা নিৰ্মাণৰ বাবে আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীবিধ হৈছে বেশ্যালয়ৰ মাটি। কিন্তু শেহতীয়াকৈ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ সৈতে সংঘটিত ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদস্বৰূপে এইবাৰ প্ৰতিমা নিৰ্মাণৰ বাবে বেশ্যালয়ৰ মাটি দিবলৈ অস্বীকাৰ কৰিছে পশ্চিম বংগৰ সৰ্ববৃহৎ ৰেড লাইট এৰিয়া সোনাগাছী অঞ্চলৰ যৌনকৰ্মীসকলে।
ৰাজ্যৰ যৌনকৰ্মী সংগঠন দৰবাৰ মহিলা সমন্বয় সমিতিৰ এগৰাকী নেত্ৰীয়ে এইবাৰ দুৰ্গা প্ৰতিমাৰ বাবে পতিতালয়ৰ মাটি দিয়া নহ’ব বুলি স্পষ্ট কৰি দি ক যে যৌনকৰ্মীসকলে দীৰ্ঘদিন ধৰি এই বৃত্তিটোৰ বাবে আইনী পবিত্ৰতাৰ দাবী কৰি আহিছিল। তেওঁ কয়, “এইবাৰ আমি মহিলা চিকিৎসকগৰাকীক ধৰ্ষণ আৰু হত্যাৰ প্ৰতিবাদত চোতালত মাটি নিবলৈ দিয়া নাই। ধৰ্ষণৰ বলি হোৱা মহিলাসকলে প্ৰায়ে ন্যায়ৰ পৰা বঞ্চিত হয়। কিন্তু এতিয়া সময় আহি পৰিছে। এইবাৰ আমি এনে কাণ্ডৰ প্ৰতিবাদ কৰিছো আৰু সেয়েহে আমি আমাৰ চোতালৰ মাটি দিবলৈ অস্বীকাৰ কৰিছো।’’
উল্লেখ্য যে, হিন্দু বিশ্বাস অনুসৰি বেশ্যালয়ৰ মাটি পবিত্ৰ বুলি গণ্য কৰা হয়। কোৱা হয় যে, কোনো এজন ব্যক্তিয়ে যেতিয়া বেশ্যালয়ত প্ৰৱেশ কৰে, তেতিয়া চোতালত সেই ব্যক্তিজনে নিজৰ সমস্ত ভাল গুণ এৰি থৈ যায। এনে কাৰণতে দুৰ্গা প্ৰতিমা নিৰ্মাণৰ সময়ত বেশ্যালয় বা পতিতালয়ৰ অকণমান মাটিৰ ব্যৱহাৰ হৈ আহিছে।
আনফালে কলকাতা কাণ্ডৰ পিছতে পশ্চিম বংগৰ ৰেডলাইট এৰিয়াৰ যৌনকৰ্মী সকলেও এই জঘন্য ঘটনাৰ প্ৰতিবাদত সমদল বাহিৰ কৰে। এই প্ৰতিবাদী সমদলৰ সময়ত যৌনকৰ্মীসকলে শ্লোগান দিয়ে- ”প্ৰয়োজন হ’লে আমাৰ ওচৰলৈ আহক, কিন্তু কোনো মহিলাক ধৰ্ষণ নকৰিব।”