
আজি সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰি সাংসদ সুস্মিতা দেৱে দুৰ্গা পূজা সমিতিক কেৱল অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দিয়া নিৰ্দেশক তীব্ৰ আপত্তি দৰ্শাইছে৷ তেওঁ কয় যে এই এই দেশ বহুভাষিক৷ কামৰূপ মহানগৰ জিলাত কেৱল অসমীয়া ভাষাত বেনাৰ, হৰ্ডিং, ফ্লেক্স আদি ব্যৱহাৰ কৰাৰ নিৰ্দেশ প্ৰকৃততে এক সংবিধান বিৰোধী কাৰ্য। ভাষা আৰু সাংস্কৃতিক আক্ৰমণৰ জৰিয়তে দুৰ্গা পূজাৰ দৰে ৰাজহুৱা উৎসৱ ধ্বংস কৰাৰ এই প্ৰচেষ্টাৰ মই বিৰোধিতা কৰিছো। সুস্মিতা দেৱে কয় যে গুৱাহাটীত আহি গম পাইছো যে কামৰূপ মহানগৰৰ উপায়ুক্তই পূজা সমিতিসমূহত এখন এছঅ’পি দিছে ২৬ ছেপ্টেম্বৰত৷ তাত উল্লেখ আছে যি পূজা সমিতিয়ে কোনো শুভেচ্ছা বা আন বেনাৰ লগাবলগীয়া হ’লে অসমীয়াত লিখি লগাব লাগিব৷ কিন্তু কথাটো হৈছে ভাষাক লৈ আইন৷ আমি চৰকাৰী কামত অসমীয়া থকাটো আৰু বৰাকত বাংলা থকাটো মানি লৈছো৷ কিন্তু দুৰ্গা পূজা কোনো চৰকাৰী কাৰ্যসূচী নহয়৷ কোনো চৰকাৰী বিভাগে অনুষ্ঠিত নকৰে৷ দুৰ্গা পূজা পূজা সমিতিয়ে পালন কৰিছে৷ কিন্তু পূজা সমিতিক এটা ভাষা জাপি দিয়া হৈছে৷ এনেধৰণৰ কথা-বাৰ্তা অসমত নাই৷ এনেদৰে জাতীয়তাবাদী ৰাজনীতি কৰিছে বিজেপিয়ে৷ আমাক বিভাজিত কৰিছে৷ এনে কাণ্ডক আমি গৰিহণা দিছো৷ ষট পূজা কৰাসকলে হিন্দীত লিখি বেনাৰ লগাব নোৱাৰিব নেকি বুলিও প্ৰশ্ন কৰে দেৱে? এনে বিভাজনমুখী ৰাজনীতি নকৰিবলৈ অসম চৰকাৰক সতৰ্ক কৰি দি বিষয়াই কোন ভাষাত বেনাৰ লগাব তাক লৈ পূজা সমিতিক নিৰ্দেশ দিব পাৰে নেকি বুলিও প্ৰশ্ন কৰে সাংসদ দেৱে৷