দেশত প্ৰথম, আজি আপাতকালীন সেৱাৰ বাদে নাপাব অন্য চিকিৎসা

পশ্চিমবংগৰ মহিলা চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডই উত্তাল কৰি ৰাখিছে সমগ্ৰ দেশ৷ বিভিন্ন দল-সংগঠনৰ সহায়ত চিকিৎসক সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ তাৰ মাজতে আজি চিকিৎসক সংগঠনে বিশেষ কাৰ্যসূচী ঘোষণা কৰিছে৷ যি কাৰ্যসূচীৰ ফলত দেশৰ কেইবা লক্ষ ৰোগী প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে৷

চিকিৎসকসকলৰ সংগঠন ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ দেশজুৰি কৰ্মবিৰতি তথা ‘সেৱা প্ৰত্যাহাৰ’ কাৰ্যসূচী ঘোষণা কৰিছে৷ এই কাৰ্যসূচীৰ ৰূপায়নৰ সময়ত কেৱল আপাতকালীন সেৱাহে লাভ কৰিব৷ অন্য সকলো সেৱা প্ৰদানৰ পৰা বিৰত থাকিব দেশৰ চিকিৎসকসকল। নিয়মীয়া অ’পিডি (বাহিৰৰ ৰোগী বিভাগ) আৰু পূৰ্বে নিৰ্ধাৰিত অস্ত্ৰোপচাৰো নকৰাৰ সিদ্ধান্ত লয় ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে। এই কাৰ্যসূচীক সমৰ্থন কৰিছে দেশৰ প্ৰায়সমূহ চৰকাৰী-বেচৰকাৰী হাস্পাতালত নিয়োজিত চিকিৎসকসকলে।

চিকিৎসকৰ ‘সেৱা প্ৰত্যাহাৰ’ এই কাৰ্যসূচী অসমতো ৰূপায়ন কৰা হৈছে। অসমত প্ৰায় কেইখন হাস্পতালত এই কাৰ্যসূচী ৰূপায়ন কৰাত ৰোগীসকল বিমোৰত পৰিছে৷

কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত সংঘটিত জঘণ্য কাণ্ডৰ পাছতে চিকিৎসকৰ নিৰাপত্তা বিচাৰি আজি পুৱা ৬ বজাৰ পৰা দেশজুৰি এই কাৰ্যসূচী ৰূপায়ন কৰিছে চিকিৎসকসকলে৷

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…