দোকানখন বন্ধ কৰি দিলো, অসমৰ ইছলামধৰ্মীয়ে গোমাংস খাই তাত নতুনত্ব নাইঃ মুখ্যমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰীৰ কংগ্ৰেছ সাংসদ ৰাকিবুল হুছেইনক পুনৰ তীব্ৰ আক্ৰমণ কৰিছে৷ চামগুৰি সমষ্টিত ২৫ বছৰে গোমাংস বিতৰণ কৰি জিকি থকাৰ অভিযোগ আনি মুখ্যমন্ত্ৰীয়ে কয় যে চামগুৰিত মুছলমান মানুহে গৰুৰ মাংস খালে বুলি কৈছে ৰকিবুল হুছেইনে৷ মই তাত গৈ কেনেকৈ ইনকুৱেৰি কৰো৷ সেইটো তেওঁৰ সমষ্টি৷ ইমান দিনে যদি চামগুৰিৰ মুছলমানে গৰু মাংস খোৱা নাছিল আৰু এইবাৰ প্ৰথমবাৰ খাইছে তেন্তে সেই তথ্য তেওঁহে জানিব৷ এই ভাষ্য দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যত গোমাংস নিষিদ্ধ কৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টিৰ মাজতে পুনৰ ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে স্পষ্টিকৰণ দি কয় যে অসমৰ ইছলামধৰ্মী মানুহে গোমাংস খাই তাত নতুনত্ব একো নাই৷ এতিয়া আমি কৈছো ৰাজহুৱা স্থানত নাখাব৷ হোটেল-ৰেষ্টুৰেণ্টত নাখাব৷ ৰকিবুল হুছেইনে ২৫ বছৰে সমষ্টিটোত জিকিছে৷ তেওঁৰ দেউতাকো জিকিলে৷ তাৰ মানে তেওঁলোকে ইমান দিন গোমাংস বিলাই জিকিছে৷ এতিয়া মই দোকানখন বন্ধ কৰি দিলো৷ ভৱিষ্যতে কোনেও দিব নোৱাৰিব৷ ৰকিবুল হুছেইন এটা বিশেষ ফাইল পোৱা বুলি সামাজিক মাধ্যমত দাবী কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অখিল গগৈৰ ভূত ৰকিবুল হুছেইনৰ গালি লাগিল৷ অখিল গগৈয়ে ফাইল লৈছিল৷ অখিল গগৈয়ে ২০০৮ চনৰ পৰা ২০১০ চনলৈ প্ৰতিদিনা ফাইল দেখুৱাই আৰু অসমৰ সংবাদমাধ্যমে ডাঙৰ ডাঙৰ নিউজ কৰিছিল৷ এতিয়াও আপোনালোকে নিউজ কৰাৰ মছলা পাইছে কৰে যদি কৰক৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…