মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়ক প্ৰণৱজ্যোতি ভূঞাৰ বিৰুদ্ধে জলসিঞ্চন বিভাগত নিবিদাবিহীনভাৱে ৱৰ্ক অৰ্ডাৰ অবিহনে আৰু ঠিকাৰ কাম নকৰাকৈ কোটি কোটি টকা মোকলাই অনাৰ উত্থাপন হৈ আহিছে৷ জলসিঞ্চন বিভাগত উঠি ৰজা বহি ৰজা হৈ পৰা প্ৰণৱজ্যোতি ভূঞাৰ ঘৰ হৈছে বিশ্বনাথ চাৰিআলিত৷ সামাজিক মাধ্যমত নিজকে জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়ক বুলি লিখি ৰাখিছে৷ মন্ত্ৰী সিংহলৰ ব্যক্তিগত সহায়ক হিচাপে কাম কৰা প্ৰণৱজ্যোতি ভূঞা নিশাৰ ভিতৰতে প্ৰভাৱশালী প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হৈ পৰে৷ আজি বিভাগটোৰ অসমৰ প্ৰতিটো সংমণ্ডল, উপ-সংমণ্ডলত চলে প্ৰণৱজ্যোতি ভূঞাৰ ৰাজ৷ ঠিকা কোনে পাব, কাক বিল দিব সকলো প্ৰণৱজ্যোতিৰ মতেই হয় বুলি অভিযোগ আছে৷ চানমাৰিৰ মুখ্য কাৰ্যালয়তো প্ৰণৱজ্যোতিৰ দাদাগিৰি চলে বুলি জানিব পৰা গৈছে৷ এজন লোকে দিয়া অভিযোগ পত্ৰ অনুসৰি প্ৰণৱজ্যোতি ভূঞাই ২০২২ চনৰ আগষ্ট মাহত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ভেৰিফিকেচন উলিয়াই অক্টোবৰ মাহত প্ৰথমে লোক নিৰ্মাণ বিভাগত ‘ভূঞা ব্ৰাডাৰ্ছ’ ফাৰ্মৰ নামত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ৰূপে পঞ্জীয়ন কৰে৷ ফাৰ্মৰ নামত ঠিকাদাৰীৰ পঞ্জীয়ন নম্বৰ এপিডব্লিউআৰডি/আৰ/১চি/জিএনএল/২০২২-২৫/৫২২৫৮ বুলি উল্লেখ কৰা হৈছে৷ পঞ্জীয়ন কৰাৰ সময়ত ঠিকাৰ অভিজ্ঞতাৰ প্ৰমাণপত্ৰ হিচাপে গোৱালপাৰা জিলাৰ ৰাস্তা নিৰ্মাণ কৰা বুলি ৱৰ্ক অৰ্ডাৰ গাঠি দিছিল৷ কিন্তু লোক নিৰ্মাণ বিভাগৰ ৱেবছাইটত এনে কোনো পঞ্জীয়ন নম্বৰ নাই আৰু গোৱালপাৰাত যিটো পথৰ কাম কৰা বুলি উল্লেখ কৰা হৈছে তেনে কোনো পথ নাই৷ গোৱালপাৰা জিলাৰ লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তাৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ উলিওৱা বুলি সন্দেহ কৰা হৈছে৷ লোক নিৰ্মাণ বিভাগৰ পঞ্জীয়নৰ উধৃতি দি ভুৱা নথিৰে প্ৰণৱজ্যোতি ভূঞাই ৩১ মাৰ্চত ‘ভূঞা ব্ৰাডাৰ্ছ’ৰ নামত জলসিঞ্চন বিভাগত পঞ্জীয়ন কৰে৷ তাৰ পাছৰে পৰা কোনে পায় মন্ত্ৰীৰ মানুহ প্ৰণৱজ্যোতি ভূঞাক৷ পঞ্জীয়ন নম্বৰত ঠিকাদাৰৰ জাতিগত পৰিচয় GEN, OBC, SC, STৰ নেকি সেই কথা উল্লেখ থাকে৷ ঠিকাদাৰজনে ছিকিউৰিটি জমা দিব লাগে৷ কিন্তু প্ৰণৱজ্যোতি ভূঞাৰ ফাৰ্ম ছিকিউৰিটি বিভাগত নাই বুলি জানিব পৰাৰ লগতে জাতিগত পৰিচয় ভুলকৈ উল্লেখ আছে৷ ‘GEN’ বুলি উল্লেখ থাকে যদিও প্ৰণৱজ্যোতিৰ পঞ্জীয়নত ‘GNL’ বুলি উল্লেখ আছে৷ সন্দেহ কৰা মতে, নলবাৰী আৰক্ষী অধীক্ষকৰ পৰা উলিওৱা ভেৰিফিকেচনখন আৰু লোকনিৰ্মাণ বিভাগৰ গোৱালপাৰাত কাম কৰা ৱৰ্ক অৰ্ডাৰ ভুৱা৷ সেই ভুৱা নথিৰেই জলসিঞ্চন বিভাগত ঠিকাৰ পঞ্জীয়ন কৰি কোটি কোটি টকাৰ হকে-বিহকে বিল লাভ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ কিন্তু এই ক্ষেত্ৰত নীৰৱ-নিৰ্বিকাৰ মন্ত্ৰী অশোক সিংঘল৷ আজিলৈ প্ৰণৱজ্যোতিৰ দুৰ্নীতিক লৈ মন্ত্ৰী সিংঘলে এটা শব্দও কোৱা নাই৷ মন্ত্ৰীগৰাকীয়ে চৰম দুৰ্নীতিক সমৰ্থন কৰি গৈছে৷ প্ৰণৱজ্যোতি ভূঞাই প্ৰথমে লোক নিৰ্মাণ বিভাগৰ ভুৱা পঞ্জীয়ন নথি উলিয়াই দ্বিতীয়তে সেই ভুৱা নথিৰেই পঞ্জীয়ন কৰিছিল৷ প্ৰণৱজ্যোতিয়ে ফাৰ্ম ‘ভূঞা ব্ৰাডাৰ্ছে’ গোৱালপাৰাৰ লোকনিৰ্মাণ বিভাগৰ পৰা ৱৰ্ক অৰ্ডাৰ লাভ কৰিছিল ২০২২ চনৰ ২২ ছেপ্টেম্বৰ৷ কিন্তু ঠিকাদাৰী ফাৰ্ম পঞ্জীয়ন কৰা হৈছে ২০২২ চনৰ ১০ অক্টোবৰত৷ অৰ্থাৎ ঠিকাৰ বাবে পঞ্জীয়নৰ পূৰ্বে এমাহ আগেত ঠিকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছিল ক্ষমতাশালী প্ৰণৱে৷ প্ৰণৱজ্যোতি ঘৰ বিশ্বনাথ চাৰিআালিত যদিও ফাৰ্মখনত ঠিকনা দিছে গুৱাহাটীৰ৷ কিন্তু আচৰিত কথা এয়াই যে নলবাৰীৰ আৰক্ষীৰ ভেৰিফিকেচন দিছে৷ ফলত সকলো নথি ভুৱা বুলি ব্যাপক চৰ্চা হৈছে। প্ৰণৱজ্যোতি ভূঞাই গোৱালপাৰা, টিহু, বৰক্ষেত্ৰী জলসিঞ্চন সংমণ্ডলৰ পৰা কেইবা লাখ টকা বিল উলিয়াই নিয়া বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈ আহিছে৷ বহু কেইটা সংমণ্ডলৰ পৰা বিল উলিয়াই বৰ্তমান ধনকুবেৰত পৰিণত হৈছে প্ৰণৱ৷ মন্ত্ৰীৰ মানুহ প্ৰণৱক ধৰোতা কোনো নাই৷ এই সন্দৰ্ভত শিৱসাগৰৰ চাহিদ আলী নামৰ লোক এজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে সমগ্ৰ জালিয়াতি পোহৰলৈ আহে৷ পত্ৰখনত জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়ক প্ৰণৱজ্যোতি ভূঞাৰ ব্যাপক দুৰ্নীতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰাৰ আহ্বান জনাইছিল৷ ভুৱা নথিৰে নিজৰে ব্যক্তিগত সহায়কক জলসিঞ্চন মন্ত্ৰী অশোক সিংহল কোটি কোটি টকা লুটমাৰ কৰিবলৈ প্ৰণৱক বাট মুকলি কৰি দিছে নেকি? জলসিঞ্চন বিভাগ, লোক নিৰ্মাণ বিভাগ আৰু অসম আৰক্ষীয়ে এইগৰাকী ধুমকেতু ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিব নে? নে প্ৰভাৱশালী প্ৰণৱজ্যোতি ভূঞাৰ শিৰত মন্ত্ৰীৰ হাতখন থকাৰ বাবে ভয়ত পেঁপুৱা লাগিছে সকলো? এই সকলো প্ৰশ্নৰ উত্তৰ সময়েহে দিব পাৰিব বুলি জলসিঞ্চন বিভাগত চৰ্চা চলা দেখা গৈছে।
২৭ নৱেম্বৰত আছিল বিয়া, কন্যা বজাৰলৈ যোৱাৰ সময়তে পিতৃ-মাতসহ ৪ জনক হত্যা
মধ্য অসমৰ নগাঁও জিলাৰ ৰূপহীহাটৰ গড়াজান লাওখোৱাত আজি নিশা একেটা পৰিয়ালৰ চাৰি সদস্যক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই ৰাজ্য কঁপাই গৈছে৷ পিতৃ-মাতৃ, কন্যাসহ একেটা পৰিয়ালৰ ৪ জনকৈ লোকক নিজ ঘৰৰ একেটা…