
ৰঙালী বিহুৰ উৎসাহ-উদ্দীপনাৰ মাজতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত আম্বেদকাৰ জয়ন্তী আৰু মুকলি বিহু পালনৰ ব্যাপক প্ৰস্তুতি চলিছে নগাঁও জিলাৰ ৰাইডঙীয়াত৷ ২৫ এপ্ৰিলত ৰাইডঙীয়াবাসীৰ সহযোগত বৰ্ণিল কাৰ্যসূচীৰে ৰাইডঙীয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত মহান ভাৰতীয় তথা ভাৰত ৰত্ন ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্মজয়ন্তীৰ লগতে মুকলি বিহু অনুষ্ঠিত হ’ব৷ জন্মজয়ন্তীত সংবিধান প্ৰণেতা, যুগপুৰুষ, সমাজ সংস্কাৰক, দাৰ্শনিক বাবাচাহেব ড০ ভীমৰাও ৰামজী আম্বেদকাৰক স্মৰণ কৰি তেখেতৰ কৰ্মৰাজিক চৰ্চা কৰা হ’ব৷ ইতিমধ্যে সকলো কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰমোদ কুমাৰ দাসক সভাপতি আৰু পাপুমণি দাসক সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি ২৫ এপ্ৰিলৰ পুৱা ৮ বজাত পতাকা উত্তোলন, ৯ বজাত স্বচ্ছতা অভিযান, ৯.৩০ বজাত ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হ’ব৷ ১১ বজাত ‘অনুসূচিত জাতিৰ প্ৰতি বৈষম্য আৰু আম্বেদকাৰৰ চিন্তা’ শীৰ্ষক আলোচনা-চক্ৰ অনুষ্ঠিত হ’ব৷ উক্ত আলোচনা-চক্ৰত ৰাজ্যৰ কেইবাগৰাকী আগশাৰীৰ বক্তা উপস্থিত থাকিব৷ বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব মুকলি বিহু৷ মুকলি বিহুত আমন্ত্ৰিত আৰু স্থানীয় বিহু দল, জেং বিহু দল, হুঁচৰি দলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে বিহু প্ৰদৰ্শন কৰিব৷ নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক সন্ধিয়া৷ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত দুগৰাকী বিশিষ্ট নাগৰিকক দুটা বিশেষ বঁটা প্ৰদান কৰা হ’ব৷ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বিশিষ্ট অভিনেত্ৰী তথা পৰিচালক আইমী বৰুৱাক আই সতী ৰাধিকা বঁটা আৰু ৰাইডঙীয়া নিবাসী আছাম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন বাপুৰাম দাসক আম্বেদকাৰ বঁটা প্ৰদান কৰা হ’ব৷ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় শিল্পী মনোজ দুৱৰাই গীত-মাত পৰিৱেশন কৰিব৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপজ্যোতি দাসে জানিবলৈ দিয়া মতে, ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তী আছিল যদিও গৰু বিহুৰ বাবে ২৫ এপ্ৰিলত এই অনুষ্ঠান পালনৰ সিদ্ধান্ত লোৱা হৈছে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সঞ্জীৱ দাসে কয় যে সমাজৰ পিছপৰা তথা হতাশাগ্ৰস্ত শ্ৰেণীটোৰ বাবে আদৰ্শ, সাহস আৰু প্ৰেৰণা বাবাচাহেব ড০ আম্বেদকাৰ৷ তেওঁৰ কৰ্মৰাজিৰ চৰ্চা জৰুৰী হৈ পৰিছে৷ জন্মজয়ন্তীৰ সমূহ কাৰ্যসূচীত সহায়-সহযোগ, উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে দাসে৷