নগাঁৱত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে বোৱতী নৈ হত্যাৰ প্ৰয়াস

নগাঁও জিলাৰ সদৰ চহৰৰ মাজেৰে বৈ যোৱা সোনাই নৈ আজি অস্তিত্বৰ সংকটত পৰিছে৷ কিয়নো নৈৰপাৰৰ বৃহৎ এলেকা একাংশ লোকে দখল কৰি ঘৰ-দুৱাৰ সাজি ব্যৱসায় কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰে বৈ যোৱা সোনাই নৈ পুতি ঘৰ নিৰ্মাণ কৰা হৈছে৷ সোনাই নৈ পুতি ঘৰ নিৰ্মাণ কৰি মানুহে বসবাস কৰাই নহয় ব্যৱসায় কৰি গৈছে৷

সোনাই নৈ দখল কৰি ঘৰ-বৰ নিৰ্মাণ কৰি থকা প্ৰত্যক্ষ কৰি ৰাজহচক্ৰ বিষয়াক কেইবাবাৰো অৱগত কৰিছে স্থানীয় লোকে৷ কিছুদিন পূৰ্বে নৈৰ পাৰত দেৱাৰ নিৰ্মাণ কৰা থকা অৱস্থাত নিজেই আগভাগ লৈ নিৰ্মাণ বন্ধ কৰি দিছে ৰাইজে৷ কিন্তু কেইদিনমান পাছত পুনৰ একেই কাণ্ড সংঘটিত হয়৷ সমাজকৰ্মী, আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদিয়ে দেখা নাপায় কিয়?

সোনাই নৈৰ বুকু এতিয়া অবৈধ বসতিস্থল হৈ পৰিছে৷ যাৰ যেতিয়াই মন যায় তেতিয়াই দখল কৰে ঐতিহাসিক সোনাই নৈৰ পাৰ৷ বুলডজাৰ লগাই খনন কৰা হয় সোনাই নৈৰ পাৰ৷ নিৰ্মাণ কৰা হৈছে ঘৰ দুৱাৰ, স্কুল কলেজ৷ নিৰ্বিঘ্নে নিৰ্মাণ কৰিছে অট্টালিকা আৰু দোকান-পোহাৰ৷ নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ নগঞাৰ আবেগ সোনাই নৈ একাংশৰ ব্যক্তিগত সম্পত্তি হৈ পৰিছে৷ ৰাইজে অভিযোগ দিলে মণ্ডল, চক্ৰ বিষয়া আহি পৰিদৰ্শন কৰে আৰু গুছি যায়৷ তাৰ পাছত পুনৰ আৰম্ভ হয় বেদখল৷ ফলত ক্ৰমাৎ ঠেক হৈছে সোনাই নৈৰ চলচলি অংশ৷ এসময়ৰ পৱিত্ৰ পুজা থলী, গৰু বিহুত গৰুক ধুওৱা ঘাট৷ আজি মানুহৰ মল, মুত্ৰ, মানুহে পেলোৱা আৱৰ্জনাৰে ভৰি পৰিছে সোনাই নৈ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান লৈ যোৱা তীৰ্থযাত্ৰীসকলে সোনাই নৈক পবিত্ৰ জ্ঞান কৰি আহিছে৷ তেনে এখন সোনাই নৈ আজি অস্তিত্বৰ সংকটত৷

  • Related Posts

    আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

    নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি । ১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত…

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…