নলাত পৰি নৱম শ্ৰেণীৰ ছাত্ৰীৰ অকাল মৃত্যু, নৱম শ্ৰেণীৰ ছাত্ৰীক স্কুটী চলাব দিয়া হৈছিল কিয়?

নলবাৰী জিলা টিহুত স্কুটীসহ পথৰ দাঁতিৰ নলাত পৰি ১৫ বছৰীয়া ছাত্ৰীয়ে অকাল মৃত্যুক আকোৱালি লোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ টিহুৰ শংকৰদেৱ শিশু নিকেতনৰ ভাস্বতী কলিতাৰ মৃত্যু হয়৷ ভাস্বতী কলিতাৰ বয়স প্ৰায় ১৫ বছৰ আৰু নৱমমান শ্ৰেণীত পঢ়ি আছিল৷ জানিব পৰা মতে, টিহুৰ ৰণাকুছি হেলচাপাৰাৰ ঘৰৰ পৰা এএছ-১৪-এন-১১০২ নম্বৰৰ স্কুটীত ৩নং ৱাৰ্ডৰ মাজেৰে টিউচনলৈ গৈ আছিল ভাস্বতী৷ ৩নং ৱাৰ্ডত হঠাতে স্কুটীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীসহ পথৰ দাঁতিৰ নলাত পৰে৷ নলাৰ পকী দেৱালত লাগি ভাস্বতীয়ে দেহৰ কেইবাটা অংশত বেয়াকৈ আঘাত পায়৷ স্থানীয় লোকে নলাৰ পৰা তুলি ততাতৈয়াকৈ ভাস্বতীক নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিসকে মৃত ঘোষণা কৰে৷ ৰণাকুছি হেলচাপাৰা’ৰ বাপন কলিতাৰ কন্যা আছিল ভাস্বতী৷ ছাত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইপিনে অভিভাৱকক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে৷ নৱমমান শ্ৰেণীত অধ্যয়নৰত আৰু মাথো ১৫ বছৰ বয়সত স্কুটী চলাব দিছিল কিয়? অভিভাৱকৰ ভুলৰ বাবে এগৰাকী ছাত্ৰীয়ে মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা বুলি বিভিন্নজনে আক্ষেপ প্ৰকাশ কৰিছে৷ আনহাতে টিহু আৰক্ষীৰ তৎপৰতাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ