নাগৰিকত্ব সংশোধনী আইন অসমৰ বাবে ক্ষতিকাৰকঃ অসম গণ পৰিষদ

গুৱাহাটীঃ বিজেপিৰ সৈতে একেলগে গাদী শ্বেয়াৰ কৰি ক্ষমতাত মচগুল অতুল বৰা, কেশৱ মহন্তৰ দৰে অসম গণ পৰিষদৰ শীৰ্ষ পৰ্যায়ৰ নেতা। আনফালে পুনৰ এবাৰ নাগৰিকত্ব সংশোধনী আইনক লৈ সৰৱ হৈ পৰিছে আঞ্চলিক দলটোৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী।

ইতিমধ্যে দেশজুৰি বলবৎ হোৱা নাগৰিকত্ব সংশোধনী আইন অসমৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰিছে অগপৰ একাংশ নেতা-কৰ্মীয়ে। অন্য দেশৰ বাবে এই আইন লাভজনক হ’লেও অসমৰ বাবে ভয়াবহ বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে তেওঁলোকে।

বজালীত অনুষ্ঠিত আঞ্চলিক দলটোৰ এখন সভাত দলৰ কেন্দ্ৰীয় নেতা ধৰ্মেশ্বৰ ৰায়ে অসমৰ আঞ্চলিক স্বাৰ্থ ৰক্ষাৰ বাবে দলৰ দায়বদ্ধতা পুনৰ এবাৰ দোহাৰে। তেওঁ কয়, ‘আমি আঞ্চলিক দল হিচাপে বিভিন্ন সময়ত বিভিন্ন দলৰ সৈতে ৰাজনৈতিক বুজাবুজি গঢ়ি তুলিছো। কিন্তু আমাৰ অগ্ৰাধিকাৰ অসম আৰু ইয়াৰ জনসাধাৰণৰ মংগল সাধন কৰা।’ এনে পৰিপ্ৰেক্ষিততে নাগৰিকত্ব সংশোধনী আইনৰ অগপে বিৰোধিতা কৰে বুলিও মন্তব্য কৰে ৰায়ে।

সভাত বৰপেটা লোকসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসো উপস্থিত থাকে। অসমৰ ভৱিষ্যৎ ৰাজনীতি গঢ় দিয়াত অগপৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈয়েই আছে বুলি তেওঁ আস্থা প্ৰকাশ কৰে। দাসে কয়, ‘দেশৰ ৰাজনৈতিক পৰিৱৰ্তন স্পষ্ট, আৰু এই পৰিৱৰ্তনৰ দ্বাৰা অসম অস্পৃশ্য হৈ নাথাকিব।’

তেওঁ আঞ্চলিক ঐক্যৰ গুৰুত্ব আৰু এই পৰিৱর্তনৰ মাজতে অসমৰ অনন্য সাংস্কৃতিক আৰু জনগাঁথনিগত পৰিচয় যাতে সংৰক্ষিত হৈ থাকে তাৰ বাবে অগপৰ নিষ্ঠাৰ বিষয়েও কয়৷

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ