নামতিত বহিৰাগত সুনীল ঠাকুৰৰ বৰ্বৰতা, উচ্চ শিক্ষিত খিলঞ্জীয়া যুৱতীক আক্ৰমণ

শিৱসাগৰ জিলাত পুনৰ খিলঞ্জীয়া যুৱতীক প্ৰহাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিৱসাগৰ জিলাৰ নামতি চাৰিআলি অসমীয়া যুৱতীক আক্ৰমণ কৰিবলৈ সাহস কৰিলে বহিৰাগতই৷ সুনীল ঠাকুৰ নামৰ হিন্দীভাষী যুৱকে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে৷ নামতিৰ ২নং অভয়াপুৰীয়াত গাঁৱৰ বুধিন চন্দ্ৰ দত্তৰ কন্যা পুৰবী দত্তই কালি বিয়লি বহিৰাগত সুনিল ঠাকুৰ আৰু পত্নী পুনম দেৱীৰ ঘৰলৈ গৈছিল৷ নামতি চাৰিআলিৰ আমগুৰি ৰো’ডত ভাড়াতীয়া হিচাপে থকা সুনিল ঠাকুৰৰ পৰা টিউচন কৰা টকা বিচাৰিছিল পুৰবী দত্তই৷ টকা বিচৰাই হ’ল কাল৷ পুৰবী দত্তক আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে৷ বহিৰাগতৰ আক্ৰমণত আঘাটপ্ৰাপ্ত যুৱতীগৰাকী জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ বহিৰাগতই অসমীয়া যুৱতীক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি গৰজি উঠিছে জিলাখনৰ বিভিন্ন জাতীয় সংগঠন৷ আটাছুৰ শিৱসাগৰ জিলাৰ সভাপতি অখিল আহোমে অসমত বহিৰাগতৰ দপদপনি কেতিয়াও নচলিব বুলি স্পষ্ট কৰে৷ চৰকাৰে যদি বহিৰাগতৰ ওপৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে শিৱসাগৰ জিলা বন্ধ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে অখিল আহোমে৷ আনহাতে উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিগত কেইবামাহ ধৰি অনাঅসমীয়া বহিৰাগতৰ হাতত অসমীয়া থলগিৰি যুৱক-যুৱতীসকল সময়ে সময়ে অপদষ্ট আৰু নিৰ্যাতিত হৈ আহিছে৷ দুৰ্ভগ্যজনক যে জাতীয় দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ পাছতো অসমীয়া জাতিটোক যেন বহিৰাগতই কেৰেপ নকৰে আৰু এক প্ৰকাৰ অসমীয়া জাতিটোক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি অসমৰ মাটিতেই নিজ ইচ্ছামতে দপদপাই আছে৷ গতিকে অনাঅসমীয়াৰ দপদপনি কোনো কাৰণতেই সহ্য কৰা নহব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে৷ নামতি আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পিতৃয়ে নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত সুনীল ঠাকুৰক গ্ৰেপ্তাৰ কৰে৷

  • Brahmaputra Times

    Related Posts

    দিল্লীত ৰহস্যজনক অৱস্থাত মৃত্যু গুৱাহাটীৰ যুৱতীৰ

    ৰাজধানী দিল্লীত অসমৰ এগৰাকী মেধাৱী যুৱতীৰ মৃত্যুত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঋতুপৰ্ণা বৰ্মন নামৰ মেধাৱী গৱেষক ছাত্ৰীগৰাকীৰ মঙলবাৰে ৰহস্যজনক অৱস্থাত মৃত্যু হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, দিল্লীৰ দাৰেৱাল নগৰৰ…

    গুৱাহাটীৰ বাৰত ড্ৰাগছ বিক্ৰী, বাৰ-ৰেষ্টুৰেণ্টত বাধ্যতামূলক চিচিটিভি, থাকিব লাগিব অতিৰিক্ত চালক

    গুৱাহাটী মহানগৰ প্ৰশাসন, আবকাৰী বিভাগ আৰু গুৱাহাটী আৰক্ষীৰ চকু খোল খাইছে৷ শেহতীয়াকৈ দীপাৱলীৰ নিশা খানাপাৰাত দুৰ্ঘটনাত পতিত হৈ দীপিত দে’ আৰু কনামিকা বসুমতাৰী নামৰ যুৱক-যুৱতীৰ মৃত্যু হয়৷ সেই নিশা এখন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা