নাৰাজ ৰমেন ডেকাক সংস্থাপন দি কৰা হ’ল পুৰস্কৃত

লোকসভা নিৰ্বাচনৰ পাছতে বিজেপিয়ে দলটোৰ নেতাসকলক ৰাজনৈতিক সংস্থাপন দিবলৈ প্ৰয়াস কৰিছে৷ বিশেষকৈ অসমৰ নাৰাজ জ্যেষ্ঠ নেতাসকলক সংস্থাপিত কৰিবলৈ প্ৰয়াস কৰিছে৷ অসমৰ বিজেপিৰ নাৰাজ জ্যেষ্ঠ নেতা ৰমেন ডেকাক ছত্তীছগড়ৰ ৰাজ্যপাল নিয়ুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে৷ মঙলদৈ সংসদীয় সমষ্টিৰ দুবাৰৰ সাংসদ ৰমেন ডেকাক দলে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ সময়ে সময়ে দলৰ পুৰণি কৰ্মীক বঞ্চিত কৰাৰ অভিযোগৰ মাজতে ৰমেন ডেকাক ছত্তীছগড়ৰ ৰাজ্যপাল নিয়ুক্তি দিয়া হৈছে৷ ৰমেন ডেকা বৰ্তমান ৰাজ্য চৰকাৰৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ আছিল।

২০০৯ চন আৰু ২০১৯ চনত মঙলদৈ সংসদীয় সমষ্টিত জয়ী হৈছিল যদিও বিগত ৫টা বছৰে দলত স্থিতি দুৰ্বল আছিল ৰমেন ডেকাৰ৷ দলে টিকট নিদিয়াৰ লগতে দলীয় কাম-কাজৰ পৰা আতৰি আছিল৷ ৰমেন ডেকা অসমৰ অতি পুৰণি বিজেপি নেতা৷ দলটোৰ গণভিত্তি নথকাৰ সময়ত অসমত কাম কৰিছিল। বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৮০ত ভাৰতীয় জনতা পাৰ্টীৰ গঠনৰ সময়ত ৰমেন ডেকা সদস্য আছিল। ১৯৭৭ চনত ৰমেন ডেকাই জনসংঘৰ অসম শাখাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰিছিল। দলৰ অসমৰ মুখপাত্ৰ, ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতি আৰু ২০০৫ চনৰ পৰা ২০০৯ চনলৈ ৰাজ্যিক সভাপতি আছিল ৰমেন ডেকা। ৭০ বছৰীয়া ৰমেন ডেকা বিজেপি গঠনৰ সময়তে দিল্লীত উপস্থিত থকা অসমৰ নেতা৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…