
গুৱাহাটীঃ অসমত নাৰী নিৰ্যাতনৰ সৈতে জড়িত এটা বিশেষ সম্প্ৰদায়ৰ মুখ্য পৃষ্ঠপোষক হৈছে অখিল গগৈ। -এনেদৰেই আজি সংবাদ মাধ্যমৰ সন্মুখত বিষ উগাৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই।
আজি বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পূৰ্বে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে হাতত এখন পোষ্টাৰ লৈ বিধানসভাৰ চৌহদত ৰাজ্যত সংঘটিত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ জনায়। অখিল গগৈৰ এই চিত্ৰখনত নাৰী নিৰ্যাতনকাৰীসকলক দুশাসন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধৃতৰাষ্ট্ৰৰ ৰূপত প্ৰদৰ্শন কৰা হয়।
অখিল গগৈৰ এই প্ৰতিবাদৰ পিছতে তেওঁৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীৰ সোঁহাতস্বৰূপ মন্ত্ৰী পীযুষ হাজৰিকা। ৰাজ্যত নাৰীৰ নিৰ্যাতনৰ সৈতে জড়িত সকলৰ ৯০ শতাংশই এটা বিশেষ সম্প্ৰদায়ৰ বুলি দাবী কৰি হাজৰিকাই কয় যে অখিল গগৈ হৈছে সেই সম্প্ৰদায়টোৰ মুখ্য পৃষ্ঠপোষক।
নাৰী নিৰ্যাতনকাৰীসকল যদি দুশাসন হয়, তেন্তে সিঁহতৰ জ্যেষ্ঠ ভাতৃ দুৰ্যোধন অখিল গগৈ বুলি মন্তব্য কৰে মন্ত্ৰীজনে। তেওঁ লগতে কয় যে এইখন চৰকাৰত দুশাসন, দুৰ্যোধনকো মষিমূৰ কৰা হ’ব।
প্ৰণিধানযোগ্য যে, শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈছে কেইবাটাও নাৰী নিৰ্যাতনৰ ঘটনা। ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক তিনি পাষণ্ডই টিউচনৰ পৰা আহি থকাৰ সময়ত ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল। এই ঘটনাই ক্ষোভৰ উদগীৰণ ঘটনাইছে সমগ্ৰ ৰাজ্যত। ইতিমধ্যে এই ধৰ্ষণকাণ্ডৰ মূল অভিযুক্তজনৰ আৰক্ষীৰ জিম্মাত মৃত্যুও ঘটিছে।
আনহাতে ধিঙৰ উপৰিও শেহতীয়াকৈ মঙলদৈ, তেজপুৰ, হোজাই, ডিফু, তামুলপুৰ আদি ৰাজ্যৰ আন আন প্ৰান্তৰ পৰাও নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এনেদৰে প্ৰতিনিয়ত অসমৰ যুৱতী-কিশোৰীসকলে শংকাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে বুলি দাবী কৰিছে বিৰোধী আৰু সচেতন মহলে।