নাৰী সমাজলৈ আৱেগিক পত্ৰ গৌৰৱ গগৈৰ, মুখ্যমন্ত্ৰীৰ দাবী গৌৰৱৰ সন্তান ভাৰতীয় নহয়

আজি যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে অসমৰ নাৰী সমাজক লৈ আৱেগিক পত্ৰ জাৰি কৰিছে৷ নিজৰ সামাজিক মাধ্যমৰ একাউণ্ট যোগে প্ৰকাশ কৰা এই পত্ৰখন সাংসদ হিচাপে নহয় এগৰাকী অসম সন্তান হিচাপে লিখা বুলি উল্লেখ কৰিছে৷ এই চিঠিখন গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্য সন্দৰ্ভত নিজৰ মনৰ কথা প্ৰকাশ কৰিছে৷ কংগ্ৰেছৰ দিনত সংঘটিত অসম লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰিবলৈ বিজেপি চৰকাৰে গঠন কৰিছিল বিপ্লৱ সমিতি আয়োগ৷ আয়োগৰ প্ৰতিবেদনত তদানীন্তন লোকসেৱা আয়োগৰ অধ্যক্ষ পাকেশ পালক লৈ উল্লেখ আছিল এক ভয়ংকৰ অভিযোগ৷ ৰাকেশ পালে চাকৰিৰ বিনিয়মত যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰা বুলি এজন অভিযুক্তই প্ৰকাশ কৰা বুলি প্ৰতিবেদনত উল্লেখ আছিল৷ পঞ্চায়ত নিৰ্বাচনত বৰছলাত এখন সভাত মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদনৰ দোহাই দি কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ বোৱাৰী-ছোৱালীয়ে চাকৰিৰ বাবে সতীত্ব হৰণ কৰিবলগীয়া বুলি কৈ কংগ্ৰেছক আক্ৰমণ কৰিছিল৷ মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে গৌৰৱ গগৈয়ে এই পত্ৰ যোগে মুখ্যমন্ত্ৰীৰ মন্তব্য অসমীয়া সমাজৰ বাবে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে৷ গৌৰৱ গগৈয়ে এই পত্ৰ প্ৰচাৰ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰি পুনৰ গৌৰৱ গগৈক আক্ৰমণ কৰি গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয় বুলি দাবী কৰিছে৷ এয়া মই সম্পূৰ্ণ দায়িত্বশীলতাৰে ক’ব পাৰো যে সাংসদ গৌৰৱ গগৈৰ নাবালক সন্তান ভাৰতীয় নাগৰিক নহয়৷ পূৰ্বে গৌৰৱ গগৈক সন্তানৰ নাগৰিকত্ব ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে৷ কিন্তু তাৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে সাংসদ গৌৰৱ গগৈৰ নাবালক সন্তান ভাৰতীয় নাগৰিক নহয়৷ ইপিনে সাংসদ গৌৰৱ গগৈয়ে ৰাজহুৱা কৰা পত্ৰখন যোগে কয় যে শেহতীয়া কিছু ঘটনা প্রৱাহকলৈ মই উদিগ্ন, হতভম্ব আৰু লজ্জিত অনুভৱ কৰিছো। আমাৰ মাতৃ, জীয়াৰী আৰু বোৱাৰীসকলক উদ্দেশ্যি কিছু বক্তব্য ৰখা হৈছে৷ যিবোৰ অসমীয়া সমাজৰ বাবেই গ্রহণযোগ্য নহয়। যিবোৰ কথা আমাৰ সমাজ ব্যৱস্থাৰ লগতে চিন্তাৰ পৰিধিৰ বাহিৰত। পঞ্চায়তৰ পৰা আৰক্ষী, বিশ্ববিদ্যালয়ৰ পৰা চৰকাৰী কাৰ্যালয়লৈ, চাহ বাগিছাৰ পৰা চৰকাৰ প্রশাসনলৈকে প্রতিটো ক্ষেত্ৰতেই আমাৰ নাৰীসমাজ বিদ্যমান। অসম নির্মাণত আপোনালোকৰ অৱদান অনস্বীকার্য। আপোনালোক কোনোবা চিকিৎসক, কোনোবা অভিযন্তা, আয়ুক্ত, শিক্ষক, আশা কর্মী, অংগনরাড়ী কর্মী, উদ্যোগী…কি নহয় আপোনালোক? আপোনালোকেই আমাৰ আধাৰ, আপোনালোকেই আমাৰ ভৱিষ্যত, আপোনালোকেই আমাৰ স্বাভিমান। এই মহিয়সী নাৰীক আজি হেয় প্রতিপন্ন কৰিব বিচৰা হৈছে, আপোনালোকৰ সেৱাক উপহাস কৰা হৈছে। গভীৰ অধ্যৱসায় আৰু দৃঢ়তাৰে নিজক প্ৰতিষ্ঠা কৰি যি সকল মহিলাই সমাজত শিৰ উচ্চ কৰি জীয়াই আছে৷ আজি সেই মহিলাসকলক অপমান কৰা হৈছে কিছু তৰল, অযুক্তিকৰ আৰু অগ্রহণযোগ্য বক্তব্যৰে। ৰাজহুৱা জীৱনত স্থান লাভ কৰিবলৈ মহিলাই নিজৰ সন্মান বিসর্জন দিয়া বুলি অসমৰ মুখ্যমন্ত্রীয়ে যি মন্তব্য কৰিছে সেয়া কেরল মিছা কথাই নহয়, গভীৰ অধ্যৱসায়ৰ জৰিয়তে জীৱন বাটত আগুৱাই যোৱা প্ৰতিগৰাকী মহিয়সী নাৰীৰ প্ৰতি অপমানসূচক মন্তব্য। মা কামাখ্যাৰ পবিত্রভূমি অসম, আমাৰ এই ভূমি নাৰী শক্তিৰ এক জীৱন্তৰূপ৷ সেই ভূমিত অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ শব্দ ব্যৱহাৰ কৰিছে সেয়া কেৱল এগৰাকী ব্যক্তিৰ ব্যক্তিগত স্খলনেই নহয় নৈতিকতাৰো পতন। মুখ্যমন্ত্রীক যদি এই বিষয়বোৰৰ ওপৰত প্ৰশ্ন কৰা হয় তেতিয়া তেওঁ সেই বিষয়বোৰৰ পৰা ফালৰি কাটে। তেওঁ আনলৈ আঙুলি টোৱাই, কিন্তু এগৰাকী নেতাৰ কাম আনলৈ দোষ ঠেলা নহয়। নেতাৰ কাম নিজৰ কথাত অটল থকা আৰু ৰাইজৰ পক্ষত ঠিয় হোৱা। এয়া দায়বদ্ধতাৰ কথা। এগৰাকী মুখ্যমন্ত্রী সদায় কুটিল আৰু নিকৃষ্ট ৰাজনীতিৰ উৰ্ধত। অসমীয়া নাৰীৰ মৰ্যদা উলংঘা কৰাৰ অধিকাৰ কাৰো নাই। নহয়। প্ৰতিগৰাকী নাৰী যি ৰাজ্যখনৰ হকে সর্বস্ব উজাৰি দিছে সেই নাৰী সন্মানৰ অধিকাৰী৷ এই তাচ্ছিল্যক আপোনালোকৰ এগৰাকী ভাই, এগৰাকী পুত্ৰ আৰু এগৰাকী মিত্ৰ হিচাপে মই সদায় আপোনালোকৰ লগত আছো। গভীৰ বিশ্বাস আৰু আস্থাৰে এই সংকল্প লৈছো যে এই অপমানক উত্তৰ দিবই লাগিব। আমি নাৰীৰ সন্মানক কেতিয়াও লাঘৱ হ’বলৈ নিদিওঁ। আহক এই অপমানৰ বিৰুদ্ধে ন্যায় বিচাৰি আমি সকলো সত্যৰ সন্ধানত মাৰ বান্ধি থিয় হৈ আগবাঢ়ি যাওঁ। দেশতকৈ মোমাই ডাঙৰ নহয়।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ