
নগাঁও চহৰৰ ফৌজদাৰী পট্টীস্থিত দক্ষিণ কোৰিয়াৰ ‘নিউৰেপা বায়োটেকন’লজি’ নামৰ সংস্থাটোৱে আদি দিনজোৰা কাৰ্যসূচীৰে দ্বিতীয় বৰ্ষপূৰ্তি পালন কৰে৷ নগাঁও জিলা পুথিভঁডালত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত নগাঁও জিলাৰ কেইবাগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ অতিৰিক্ত জিলা আয়ুক্ত অৰুণাভ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ বৰ্ষপূৰ্তি উপলক্ষে ১২ বজাৰ পৰা এখন বিশেষ সভা অনুষ্ঠিত হয়৷ দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সোনমণি শইকীয়া, ভাৰত ভূষণ বঁটা প্ৰাপ্ত পদুম প্ৰসাদ শইকীয়া, নিউৰেপাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰিচালন সঞ্চালক চম্পক শৰ্মা, নিউৰেপাৰ নগাঁও শাখাৰ স্বত্বাধিকাৰী দীপাংকি চৌধুৰী, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস, বঙাইগাঁৱৰ সমাজকৰ্মী মনিন শৰ্মা, সমাজকৰ্মী কনক হাজৰিকা, বিৰেন বৰা, নানু দাস আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অতিথিসকলক ফুলাম গামোচা, ফুলৰ থোপাৰে আদৰণি জনাই নিউৰেপাৰ নগাঁও শাখা কৰ্তৃপক্ষই৷ বৰ্ষপূৰ্তিত উপস্থিত থকা ব্যক্তিসকলে নিউৰেপাৰ প্ৰাকৃতিকভাৱে আগবঢ়োৱা বিনামূলীয়া চিকিৎসা পদ্ধতিক শলাগ লয়৷ উল্লেখ্য যে, নিউৰেপা বায়োটেকন’লজি হৈছে দক্ষিণ কোৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা৷ যিটো সংস্থাই ২০০৪ চনৰ পৰা স্বাস্থ্যখণ্ডত গৱেষণা আৰু উন্নয়নমূলক কাম-কাজ কৰি আহিছে। নিউৰেপা বায়োটেকন’লজি আইএছঅ’ প্ৰমাণিত কোম্পানী যিয়ে বিশ্বজুৰি বিষ নিৰাময় কৰি খ্যাতি লাভ কৰিছে৷ নগাঁৱৰ ফৌজদাৰী পট্টীত ডাৱৰ হেল্থ কেয়াৰ নামেৰে স্থাপন কৰা শাখাত নিতৌ ২০০ মানুহক থেৰাপিৰে সেৱা আগবঢ়োৱাৰ কথা উল্লেখ কৰে নগাঁও শাখাৰ স্বত্বাধিকাৰী দীপাংকি চৌধুৰীয়ে৷ বিগত দুটা বছৰত নগাঁও জিলা আৰু আশ-পাশৰ ২৫ হাজাৰ লোকক বিনামূলীয়া শুশ্ৰূষা কৰিছে এই সংস্থাটোৱে৷ কেইবা হাজাৰ লোক সুস্থ হৈ নতুন জীৱন লাভ কৰা বুলি দাবী কৰিছে নগাঁও শাখাই৷