
পঞ্চায়ত নিৰ্বাচনত টিকট প্ৰদানক লৈ কংগ্ৰেছক আৰম্ভ হৈছে বিদ্ৰোহ৷ এইবাৰ নিজ সংগঠনৰ নেতাক টিকট প্ৰদান কৰিব নোৱাৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমে তীব্ৰ ক্ষোভ ব্যক্ত কৰি সামাজিক মাধ্যমত পোষ্ট দিয়া পৰিলক্ষিত হৈছে৷ জুবেৰ আনমে সামাজিক মাধ্যমত পোষ্ট দি কয় ‘‘কংগ্ৰেছৰ কাৰণে তেজ দিয়া যুৱ কংগ্ৰেছীক এটাও টিকট দিয়াব নোৱাৰিলো’’৷ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব কেন্দ্ৰিক অসন্তুষ্টি বৃদ্ধিৰ সময়ত যুৱ কংগ্ৰেছৰ খোদ সভাপতিগৰাকীয়ে সামাজিক মাধ্যমত বিস্ফোৰণ ঘটাই। জুৱেইৰ আনমে সামাজিক মাধ্যমত নিজ সংগঠনৰ নেতা-কৰ্মীক উদ্দেশ্যে কয় যে মোক আপোনালোক সকলোৱে ক্ষমা কৰিবব৷ আজি কংগ্ৰেছৰ কাৰণে তেজ দিয়া যুৱ কংগ্ৰেছীক এটাও টিকট দিয়াব নোৱাৰিলো৷ কংগ্ৰেছৰ বাবে তেজ দিয়া যুৱ কংগ্ৰেছে টিকট নাপালে বুলি ক্ষোভ ব্যক্ত কৰে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰে৷