নিয়াৰ জালত গোৱালপাৰাৰ ১২ সন্দেহজনক লোক, মুখ্যমন্ত্ৰীয়ে ক’লে ‘অসমত মৌলবাদ বৃদ্ধি হৈছে’

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত সন্দেহজনক লোক ধৰা পৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়া আৰু অসম আৰক্ষীয়ে যুটীয়া অভিযান চলাই ১২ জন সন্দেহজনক লোকক আটক কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে, বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলাই থকাৰ সময়তে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা আৰু অসম আৰক্ষীয়ে হোজাই জিলাত অভিযান চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰি ‘জইচ-ই-মহম্মদ’ নামৰ নিষিদ্ধ সংগঠনৰ সদস্য বুলি দাবী কৰিছিল৷ হোজাইত গ্ৰেপ্তাৰ হোৱা দুই যুৱকৰ স্বীকাৰোক্তিত গোৱালপাৰাত অভিযান চলে৷ গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কৃষ্ণাই, বলবলা, মেন্দিপথাৰ আৰু টুকুৰাত অভিযান চলোৱাত ১২ জনকৈ লোকক সোধা-পোছাৰ বাবে আটক কৰে৷ গোৱালপাৰা আৰক্ষী ছাউনিত ৰাখি ১২ জন লোকক জেৰা কৰি থকা বুলি জানিব পৰা গৈছে৷ আটক কৰা এজন লোক ছালাউদ্দিন বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে। ছালাউদ্দিনৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা ধনৰ লেনদেন কৰিছিল আটক হোৱা লোককেইজনে৷ ধনৰ লেনদেনৰ ভিত্তিত নিয়াই ১২৩জন লোকক আটক কৰাৰ সন্দেহ কৰা হৈছে৷ ইয়াকে লৈ মুখ্যমন্ত্ৰীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আজি সাংবাদিকৰ সৈতে মুখামুখি হৈ মুখ্যমন্ত্ৰীয়ে কয় অসমত যে মৌলবাদীৰ পৰা প্ৰত্যাহ্বান আছে সেয়া সত্য। আমি এই কথা ক’লে মানুহে উপলুঙা কৰে। কিন্তু আমি কোৱা কথা প্ৰমাণ হৈ আহিছে। যেতিয়াই নিয়াই মৌলবাদীৰ বিৰুদ্ধে দেশজুৰি অভিযান চলাই তেতিয়াই অসমৰ পৰা এজন ধৰা পৰে। অসমত মৌলবাদী শক্তি সোমাই আছে আৰু আমি সাৱধান হোৱাৰ প্ৰয়োজন আছে। অসমত মৌলবাদ বৃদ্ধি হৈছে। মৌলবাদীৰ বাবে অসমত খিলঞ্জীয়াই অনিশ্চয়তাত বাস কৰিব লাগিব।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক