
পুনৰ মেৰামতি কৰা হ’ব পুৰণি শৰাইঘাট দলং৷ যাৰ বাবে পুৰণি শৰাইঘাট দলঙত ৭ ঘণ্টা যাতায়ত বন্ধ থাকিব৷
আজি নিশা ১১ বজাৰ পৰা দেওবাৰে পুৱা ৫ বজালৈ পুৰণি শৰাইঘাট দলঙেৰে যান-বাহনৰ চলাচল বন্ধ থাকিব বুলি ৰে’লৱে বিভাগে ঘোষণা কৰিছে৷
জিলা আৰু ৰাজ্যৰ সংশ্লিষ্ট বিভাগলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে ৰে’ল বিভাগে।