নিৰ্দিষ্ট একাংশ মানুহে বাৰে বাৰে আক্ৰমণ কৰি আহিছে অসমীয়াকঃ ধিং কাণ্ডৰ পিছত মন্তব্য পীযুষ হাজৰিকাৰ

গুৱাহাটীঃ ধিঙৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংঘটিত দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ অব্যাহত আছে প্ৰতিবাদ। এই ঘটনাৰ প্ৰতিবাদত আজি ধিঙৰ ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে শ শ মহিলা। ধিঙৰ এই ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে দুখ ব্যক্ত কৰাৰ পিছত এইবাৰ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে বৃহস্পতিবাৰে সন্ধিয়া ধিঙত যিটো ঘটনা সংঘটিত হ’ল, সেইটো এটা বৰ্বৰোচিত ঘটনা। মোৰ গৰিহণা দিয়াৰো ভাষা নাই। এই ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো। তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি কৈও যিটো মোৰ অন্তৰৰ উষ্মা প্ৰকাশ কৰিব পৰা নাই। এইক্ষেত্ৰত ক’বলৈকে মই শব্দ বিচাৰি পোৱা নাই। এজনী কণমানিক কেইটামান পাষণ্ডই পিছে পিছে বিচাৰি গৈ যদি অত্যাচাৰ কৰিছে, আক্ৰমণ কৰিছে, অপকৰ্ম কৰিছে – ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তি নিশ্চয়কৈ হ’ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে টুইটযোগে জনাইছে যে এই ঘটনাত জড়িত অপৰাধীক ৰেহাই দিয়া নহ’ব।

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত কোনেও বেয়া কাম কৰি সাৰি যাব নোৱাৰে বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই লগতে কয় যে এই চৰকাৰখনে এনে জঘন্য ঘটনাৰ বিৰুদ্ধে যিমানখিনি কৰিব লাগে সেয়া সকলো কৰিব। আনহাতে এই ঘটনা সন্দৰ্ভত নিশাৰে পৰা জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে যোগাযোগ কৰি থকা বুলি মন্তব্য কৰে হাজৰিকাই।

তেওঁ কয়, ”নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী বুলিয়েই নহয় অভিভক্ত নগাঁও-মৰিগাঁও জিলাৰ এজন ব্যক্তি হিচাপে পুৱাৰে পৰা মই মুখ্যমন্ত্ৰীৰ লগতো কেইবালানিও কথা পাতিছো। এই ঘটনাত মানুহৰ ক্ষোভ হোৱাটো স্বাভাৱিক, এনেকুৱা বেয়া ঘটনা অসমত যদি হৈ থাকে অসমৰ অৱস্থা কি হ’ব, অসম কোন দিশে গৈ আছে, এয়া আমাৰ কাৰণে অলপ চিন্তা কৰিবলগীয়া কথা।’’

নিৰ্দিষ্ট একাংশ মানুহে অসমীয়া মানুহক বাৰে বাৰে আক্ৰমণ কৰিছে, সন্ত্ৰাসিত কৰিছে, বিভিন্ন প্ৰক্ৰিয়াৰে নিৰ্যাতন চলাইছে বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই। তেওঁ কয়, ”আমি যিমান কঠোৰ হৈছো, ইয়াতকৈ আৰু নিশ্চয়কৈ কঠোৰ হ’ব লাগিব, চৰকাৰ এইক্ষেত্ৰত বহি নাথাকে।’’

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে