
গুৱাহাটীঃ নিৰ্বাপিত হ’ল অসমীয়া সাহিত্য জগতৰ এগচি জলন্ত শিখাৰ। অসমীয়া কবিতাৰ সহস্ৰ অনুৰাগীৰ বুকুত দশক দশক ধৰি কবিতাৰ ৰাগী সানি অৱশেষত হেৰাই গ’ল ‘ৰামধেনু যুগ’ৰ কবি-সমালোচক ৰবীন্দ্ৰ বৰা। দেওবাৰে দুপৰীয়া ২:৩০ বজাত মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কবিগৰাকীয়ে। জানিব পৰা মতে, বাৰ্ধক্যজনিত কাৰণত বিগত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰসিদ্ধ কবিগৰাকী।
১৯৩৯ চনৰ ২৫ ফেব্ৰুৱাৰীত তিনিচুকীয়াত জন্মগ্ৰহণ কৰা ৰবীন্দ্ৰ বৰাই ‘অকলশৰীয়া ভয়’, ‘নিৰ্বাসিত সময়’, ’শইচৰ মানুহ’, ‘দুখৰ দিনৰ কঠিন শব্দবোৰে’, ‘দীৰ্ঘদিনৰ প্ৰস্তুতিৰে’, ‘ৰাতি ভাঙি আহে’, ‘ক’ৰবাত ৰ’দৰ গান’ ইত্যাদি কাব্যগ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। আধুনিক অসমীয়া কবিতালৈ তেওঁৰ আছে বিশেষ বৰঙণি। অসমীয়া কবিতাৰ পটভূমি শক্তিশালী কৰিছিল ৰবীন্দ্ৰ বৰাৰ কবিতাই। দুখন গল্প সংকলনো প্ৰকাশ পাইছিল বৰাৰ। ৰবীন্দ্ৰ বৰাৰ প্ৰকাশিত একমাত্ৰ উপন্যাস ‘দ্ৰৌপদী’। সুদীৰ্ঘ ছটা দশকজুৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে কবিগৰাকীয়ে। সমালোচক হিচাপেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে বৰাই।
কবিগৰাকীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক শোকবাৰ্তাত তেওঁ কয়, ‘বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰা ডাঙৰীয়াৰ বিয়োগৰ বাতৰিত অতি মৰ্মাহত হ’লোঁ৷ সুদীৰ্ঘ ছটা দশক ধৰি কবিগৰাকীৰ সৃষ্টি আৰু দৃষ্টিয়ে কবিতা অনুৰাগীক অনুপ্ৰেৰণা যোগাই আহিছে৷ তেখেতৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ বৰা ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’