নৃশংস! গাখীৰৰ সৈতে বিহ মিহলাই দুই কন্যাক হত্যা মাহীমাকৰ…

ডিজিটেল ডেস্কঃ গাখীৰৰ লগত বিহ মিহলাই খুৱাই নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ দুই কন্যা শিশুক। উত্তৰ প্ৰদেশৰ বিজনৌৰ জিলাৰ আকবৰপুৰ তিক্ৰী গাঁৱত এগৰাকী মাহীমাকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ হত্যাৰ অভিযোগ। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত মাহীমাকৰ লগতে শিশু দুটিৰ পিতৃক আটক কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত।

জানিব পৰা মতে, আকবৰপুৰ তিক্ৰী গাঁৱৰ ফাৰমান নামৰ ব্যক্তিজনৰ প্ৰথম পত্নীৰ কন্যা আছিল হাদিয়া আৰু আফিয়া পাৰবীন নামৰ কণমানি শিশুদুটি। ফাৰমানৰ প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতে একে গাঁওৰে নাজৰীন নামৰ আন এগৰাকী তেওঁ বিয়া কৰোৱায়।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, দ্বিতীয় পত্নী নাজৰীনে প্ৰথমাৱস্থাত হাদিয়া আৰু আফিয়াৰ লগতে ফাৰমানৰ প্ৰথমা পত্নীৰ তিনিটা সন্তানক নিজৰ সন্তানৰ দৰেই মৰম কৰিছিল যদিও লাহে লাহে তেওঁ প্ৰকৃত মাহীমাকৰ স্বৰূপ দেখুৱাবলৈ আৰম্ভ কৰে। ইফালে নাজৰীনৰ পক্ষ লৈ ফাৰমানেও লাহে লাহে আগৰ পত্নীক সন্তান কেইটাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ কৰে স্থানীয় লোকে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে ফাৰমানে পিতৃৰ ঔষধ আনিবলৈ মোৰাদাবাদলৈ গৈছিল। সেই সময়ত দুগৰাকী কন্যাই তেওঁলোক থকা ঘৰত খেলিবলৈ গৈছিল। অভিযোগ অনুসৰি সেই সময়ত নাজৰীনে কন্যা দুগৰাকীক গাখীৰৰ লগত মিহলি কৰি বিহ খুৱায়, যাৰ বাবে দুয়োৰে পেটৰ বিষ হ’বলৈ আৰম্ভ কৰে।

পৰৱৰ্তী সময়ত শিশু দুটিক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে দুয়োটা কণমানিৰ।

আৰক্ষী অধীক্ষক অভিষেক ঝাই জনোৱা মতে, বিষাক্ত দ্ৰব্য সেৱনৰ বাবে মৃত্যু ঘটিছে কন্যা শিশু দুটিৰ। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীৰ মতে নাজৰীনেই এই অপৰাধ সংঘটিত কৰিছে। অভিযুক্তক আটক কৰি আৰক্ষীয়ে জেৰা কৰে। আৰক্ষীয়ে আটক কৰিছে ফাৰমানকো।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে