নেপালত প্ৰলয়, বান-ভূমিস্খলনত ১১২ জন নিহত

ধাৰাসাৰ বৰষুণৰ পিছতে নেপালত উদ্ভৱ হোৱা ভয়াবহ বান পৰিস্থিতি আৰু ভূমিস্খলনত মৃত্যুক সাৱটিছে ১১২ জনকৈ লোকে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰা মতে, এই বিভীষিকাময় দুৰ্যোগত আহত হৈছে ১২২ জন লোক। বৃহস্পতিবাৰৰ পৰা নেপালৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আহিছে, যাৰ বাবে দুৰ্যোগ বিষয়াসকলে ক্ষন্তেকীয়া বানৰ সতৰ্কবাণী জাৰি কৰিছে। নেপাল আৰক্ষীৰ উপ-মুখপাত্ৰ বিশ্ব অধিকাৰীয়ে জনোৱা মতে, নেপালত অবিৰত বৰষুণৰ ফলত মৃত্যু হোৱা ১১২ জন লোকৰ ভিতৰত কাঠমাণ্ডু উপত্যকাত প্ৰায় ৫০ জন লোকৰ মৃত্যু হৈছে। তেওঁ লগতে জানিবলৈ দিয়া মতে, সমগ্ৰ দেশখনত এই বান আৰু ভূস্খলনত মুঠ ৪৪ জন লোক নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে এহাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে। এই ভয়াবহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকৰ আহ্বান কৰিছে নেপালৰ কাৰ্য্যবাহী প্ৰধানমন্ত্ৰী তথা নগৰ উন্নয়ন মন্ত্ৰী প্ৰকাশ মন সিঙে। আৰক্ষীয়ে সদৰী কৰা মতে, কাঠমাণ্ডুত বানত প্লাবিত হৈছে ৫০০ ঘৰ। আনহাতে এই বান পৰিস্থিতিৰ পৰা নিৱাসীকলক উদ্ধাৰৰ বাবে তিনি হাজাৰ সুৰক্ষা কৰ্মী মোতায়েন কৰা হৈছে।

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…