নোবেল বঁটা প্ৰাপ্ত বিজ্ঞানীৰ অসম সংযোগ, ৰসায়নত নোবেল পোৱা ডেভিডৰ সহযোগী অসমীয়া মাউট

এইবাৰ নোবেল বঁটা লাভ কৰা এগৰাকী যশস্বী বিজ্ঞানীৰ অসম সংযোগ পোহৰলৈ আহিছে৷ নোবেল বঁট লাভ কৰা বিজ্ঞানীগৰাকী অসম সন্তানৰ গৱেষণা সহযোগী৷ এই খবৰে অসমৰ মানুহক আহ্লাদিত কৰিছে৷ এজন অসম সন্তানৰ বন্ধু তথা একেলগে গৱেষণা কৰা বিজ্ঞানীয়ে নোবেল বঁটা পাইছে ইয়াতকৈ জাতিটোৰ বাবে গৌৰৱৰ খবৰ কি হ’ব পাৰে বুলি বিভিন্নজনে কোৱা-কুৱি কৰিবলৈ আৰম্ভ কৰিছে৷ খ্যাতনামা বিজ্ঞানী ডেভিদ বেকাৰক এইবাৰৰ ৰসায়ন বিজ্ঞানৰ নোবোল প্ৰদানৰ পিছতে চৰ্চালৈ আহিছে অসমীয়া বিজ্ঞানী তথা প্ৰতিষ্ঠিত লিখক ৰুবুল মাউট৷ ৰুবুল মাউট ডেভিদ বেকাৰৰ সহযোগী তথা গৱেষণা সংগী আছিল৷ এই কথা খোদ ডেভিদ বেকাৰৰ সৈতে বহি থকা ফটো শ্বেয়াৰ কৰি ৰাজহুৱা কৰিছে মাউটে৷ ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছে-২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ডেভিদ বেকাৰ, ডেমিচ হাচাবিছ আৰু জন এম জাম্পাৰক যুটীয়াভাৱে প্ৰদানৰ সিদ্ধান্ত লৈছে। গণনামূলক প্ৰ’টিন ডিজাইনৰ বাবে আৰু বাকী অৰ্ধাংশ প্ৰ’টিন গাঁথনিৰ ভৱিষ্যতবাণীৰ বাবে ডেমিচ হাচাবিছ আৰু জন এম জাম্পাৰক যুটীয়াভাৱে প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। আজি ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণাৰ পাছতে অসমৰ এজন সুযোগ্য সন্তান ৰুবুল মাউটৰ নাম চৰ্চালৈ আহিছে৷ কিয়নো ৰসায়ন বিজ্ঞানৰ নোবেল লাভ কৰা ডেভিদ বেকাৰৰ গৱেষণা সহযোগী আছিল এইজন অসমীয়া৷ দীৰ্ঘ সময় ধৰি বেকাৰৰ সৈতে একেলগে কাম কৰাৰ লগতে গৱেষণা সহযোগী হিচাপে কাম কৰিছিল অসমীয়া ৰুবুলে৷ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাসপুৰত কৃষকৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰুবুল মাউতৰ শৈশৱকাল আছিল খলা-বমাৰ ভৰা৷ দৰিদ্ৰতাক হেলা ৰঙে নেওচি উচ্চ শিক্ষা গ্ৰহণ কৰা মাউটে আজিৰ এই অৱস্থালৈ আহিবৰ বাবে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে। আত্মজীৱনী ‘মোৰো এটা সপোন আছে’ত শৈশৱ-যৌৱনৰ সংগ্ৰামৰ কথা লিপিবদ্ধ কৰিছে। জীৱ বিজ্ঞানী ৰূপে বিশ্বজুৰি খ্যাতি অৰ্জন কৰা অসমীয়া মাউটে মানৱীয় দেহৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা, উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেতক জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা বিষয়ত গৱেষণা কৰি গৈছে৷ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়ৰ পৰা জিন-সম্পাদনাত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰিছে৷ ৰুবুল মাউতৰ গৱেষণা আমেৰিকাৰ ৰাসায়নিক সমাজৰ উপৰি একাধিক বৈজ্ঞানিক মঞ্চত ভিডিঅ’ অথবা তথ্যচিত্ৰ হিচাপে আলোচিত আৰু প্ৰদৰ্শিত কৰা হয়৷ বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰটিন ডিজাইন শাখাৰ ‘ৱাশ্বিংটন ৰিচাৰ্চ ফাউণ্ডেছন ইন’ভেছন ফেলো’। অসম ৰুবুৰ মাউতে সান্নিধ্য লাভ কৰা বেকাৰ নবেল বিটা বজয়ৰ পাছতে উৎফুল্লিত হৈছে ৰুবুল মাউট৷ মাউটে ফেচবুকত লিখা এটা পোষ্টত কয় ‘‘যোৱা কেইবামাহে অতি ব্যস্ততাৰ বাবে ফেচবুকৰ পৰা আঁতৰি আছিলো, কিন্তু আজি ৰাতি পুৱাই অহা এক অভাৱনীয় খবৰৰ বাবে ফেচবুকলৈ আহিলো। একালৰ মোৰ প’ষ্ট ডক্টৰেল মেণ্টৰ আৰু বৰ্তমানৰ অতি ঘনিষ্ঠ সহযোগী (Collaborator) ডেভিদ বেকাৰক আজি, ২০২৪ বৰ্ষৰ, ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা দিয়া হৈছে! যোৱা ৰাতিৰ পৰাই উদগ্ৰীৱ হৈ এই খবৰ বাবে ৰৈ আছিলো যদিও, আজি ৰাতিপুৱা ই বাস্তৱ হৈ উঠাত বাকহীন হৈ আবেগত উপচি পৰিছোঁ! ডেভিদৰ সৈতে মোৰ যোৱা আঠবছৰৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ-লিখিবলৈ গলে হয়তো এখন মহাকব্য হ’বগৈ৷ কিন্তু আজি ইয়াকে কওঁ যে পৃথিৱীৰ এজন অতি মেধাৱী (Genius) ব্যক্তিৰ সৈতে কৰা যুটীয়া গৱেষণাৰ ফলত এতিয়ালৈ চাৰিখন গৱেষণা পত্ৰ, কেইবাটিও পেটেণ্ট প্ৰকাশিত হৈছে৷ লগতে আন ভালেকেইটা Collaboration এতিয়াও চলি আছে। উল্লেখযোগ্য যে, যোৱা সপ্তাহত আমাৰ এনে Collaborationৰ এখন গৱেষণা পত্ৰ Nature নামৰ জাৰ্নেলত প্ৰকাশ হৈ উলাইছিল৷ য`ত আছিল আন এগৰাকী নোৱেল প্ৰাপক Carolyn Bertozzi (২০২২)। তাতোতকৈ উল্লাসৰ কথা যে যোৱা শুকুৰবাৰে মোৰ অন্য এখন গৱেষণা পত্ৰৰ বাবে (bioRxivত থকা) পৃথিৱী শ্ৰেষ্ঠ বিজ্ঞান আলোচনী Nature-এ ডেভিদ, জৰ্জ (হাৰ্ভাৰ্ডৰ ডিন জৰ্জ ডেলি) আৰু মোৰ প্ৰায় এঘণ্টাযোৰা Interview লৈছিল৷ Nature-এ মোৰ এই গৱেষণা পত্ৰৰ ওপৰত অহা নৱেম্বৰ মাহৰ শেষৰফালে এটি লেখা উলিয়াব, তাৰ বাবে। ডেভিদৰ ওপৰি তেওঁৰ খ্যতনাম বিজ্ঞানী পত্নী হানেলি বেকাৰ (Hannele Rouhala Baker)ৰ সৈতেও মোৰ সুসম্পৰ্ক তথা Collaboration চলি আছে। ইয়াৰে কিছু কাম যোৱা সপ্তাহত হানেলিৰ এগৰাকী ছাত্ৰীয়ে বাৰ্লিনত Present কৰিছিল। যি কি নওক, আমাৰ জীৱনৰ শৈশৱকাল বিজ্ঞান শিক্ষাৰ অবিহনে তেনেই সাধাৰণ ভাৱেই পাৰ হৈছিল৷ কিন্তু আজি ডেভিদৰ এই নোবেল স্ৱীকৃতিত আমাৰ অলপ হলেও সহযোগ থকাত কেনে ভাৱ হৈছে সেয়া ভাষাৰে ব্যক্ত কৰিবলৈ অপাৰগ। আজি কিছুবছৰ আগতে যেতিয়া ডেভিদৰ পি এইচ ডি মেন্টৰ Randy Schekmanক নোৱেল বটা দিয়া হৈছিল৷ তেতিয়া ডেভিদৰো ছগে একে অভিজ্ঞতাই হৈছিল। ধন্যবাদ। এই খবৰ লাভ কৰি অসমৰ বহু লোকে ৰুবুল মাউত ভৱিষ্যতৰ নোবেল বঁটা বিজয়ী হ’ব বুলি আশা প্ৰকাশ কৰিছে৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক