ন্যায়ালয়ত ৬৫ লোকৰ বৃহৎ বিজয়, কলিয়াবৰ-নুমলীগড় ঘাইপথ সম্প্ৰসাৰণ প্ৰকল্প বাতিল

অৱশেষত মুখথেকেচা খালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা কেন্দ্ৰীয় পথ-পৰিবহন মন্ত্ৰালয়ে৷ মধ্য অসমৰ পৰা উজনি অসমক সংযোগ কৰা ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰৰ পৰা নুমলীগড়লৈ প্ৰস্তাৱিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ প্ৰকল্প বাতিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৬৫গৰাকী লোকৰ আৰ্জিৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা শুনানিৰ অন্তত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় ন্যায়ালয়ে৷ ভাৰত চৰকাৰৰ পথ-পৰিবহন মন্ত্ৰালয়ে প্ৰকল্প বাতিল কৰি পুনৰ জৰীপ কৰিব লাগিব৷ জনমত নোলোৱাকৈ কৃষিভূমি তথা ৰাজনৈতিকভাৱে প্ৰভাৱশালী লোকৰ ভূমিৰ খাতিৰত পথৰ দিশ সলনি কৰিছিল যদিও প্ৰকল্পৰ বাবে পুনৰ জৰীপ কৰিলে গোচৰীয়া পক্ষই৷ কেইদিনমান পূৰ্বে চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে গুৱাহাটীত সংবাদমেল আয়োজন কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ চলাই থকা অধিবক্তা উপমন্যু হাজৰিকাই কলিয়াবৰ-নুমলীগড়লৈ চাৰিলেনযুক্ত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ দিশটো সলনি কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উচ্চ ন্যায়ালয়ত কলিয়াবৰৰ ৬৫ জনকৈ লোকে দাখিল কৰা ৩৮/২০২৪ নম্বৰৰ ৰাজহুৱা স্বাৰ্থ জড়িত লেখ আবেদনৰ কথা উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকনাধীন প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডকে ধৰি কেইবাটাও ব্যক্তিগত প্রতিষ্ঠানক পক্ষ কৰিছে৷ অভিযোগ মতে, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ কৃষিভূমিৰ মাজেৰে ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰণৰ ব্যৱস্থা কৰা হৈছে। ২০ জানুৱাৰীৰ শুনানিত উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণসহ পাঁচটা সংস্থাক জাননী জাৰি কৰি দুসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশনা দিয়া বুলি কয় অধিবক্তা হাজৰিকাই৷ প্ৰথমে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰৰ পৰা জখলাবন্ধা, বোকাখাত, নুমলীগড় হৈ শিৱসাগৰৰ জাঁজীত সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু হঠাতে কলিয়াবৰৰ পৰা নুমলীগড়লৈ ঘাইপথ সম্প্ৰসাৰণৰ দিশ সলনি কৰা হয়। উপমন্যু হাজৰিকাই গুৰুতৰ অভিযোগ উত্থাপন কৰি সংবাদমেল যোগে কয় যে প্ৰস্তাৱিত বিকল্প পথটোৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক ৰিণিকা ভূঞা শর্মা। কিয়নো যিপিনে পথ গৈছে সেই দিশত ১০০ বিঘাতকৈ অধিক মাটি আছে ৰিণিকি ভূঞাৰ৷ কেৱল ৰিণিকি ভূঞা শৰ্মাৰে নহয় মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু কেশৱ‌ মহন্তৰ মাটি আছে। চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে যিসকল মন্ত্ৰীয়ে সেই ঠাইত মাটি ক্ৰয় কৰা ৰাখিছে সেইসকলৰ বিৰুদ্ধে তদন্ত হ’ব লাগে৷ কলিয়াবৰ তিনিআলিৰ পৰা আৰম্ভ কৰি দীৰ্ঘ এলেকা কৃষি পথাৰ৷ খেতি পথাৰ আৰু চাহ খেতি নষ্টি কৰি পথটো সম্প্ৰসাৰণ কৰিব খোজা হৈছে৷ লগতে সমগ্ৰ জখলাবন্ধা এলেকাৰ ব্যৱসায় ধ্বংস কৰিব খোজা হৈছে৷ পথটো খেতি পথাৰ এলেকাৰে নিলে অৰ্থনীতি থান-বান হ’ব৷ আৰ্থিক দুৰ্যোগৰ কৱলত পৰিব প্ৰায় ৪০ হাজাৰ লোক৷ সেয়েহে যিসকলে তাত মাটি ক্ৰয় কৰিছে সেইসকলৰ স্বাৰ্থতে ৰাস্তাটোৰ দিশ সলনি কৰিব খোজা হৈছে৷ যাৰ বাবে উচিত তদন্ত হোৱা উচিত বুলি কৈছিল চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিয়ে৷ সমিতিয়ে প্ৰায় ৫০ হাজাৰ থলুৱা লোকৰ স্বাৰ্থত আৱেদন কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনক ন্যায়ালয়ে গুৰুত্বসহকাৰে লৈ প্ৰকল্প বাতিল কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছে৷ নিশ্চয়কৈ সমিতিৰ এই বৃহৎ জয়৷ পূৰ্বে থকা পথৰ পৰিৱৰ্তে বিকল্প ঠাইৰে পথটো নিব খোজাৰ প্ৰস্তাৱে সেই এলেকাৰ পথৰ দাঁতিত ব্যৱসায় কৰা প্ৰায় ৫০ হাজাৰ লোক ক্ষতি হোৱাৰ অভিযোগে ক্ষোভিত কৰিছে ৰাইজক৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ জখলাবন্ধা এলেকাত ব্যৱসায় কৰি পৰিয়াল চলোৱা প্ৰায় ৪০ হাজাৰ লোকে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ স্বাৰ্থতে পথটোৰ দিশ সলনি কৰিব খোজাৰ ব্যাপক অভিযোগ উত্থাপন হৈছে৷ কেৱল যে মুখ্যমন্ত্ৰীৰ পত্নী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ স্বাৰ্থ জড়িত হৈছে তেনে নহয়৷ একাংশ লোকে অভিযোগ কৰা মতে, সেই এলেকাত মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্তৰো মাটি আছে৷ যাৰ বাবে পুৰণি ৰাস্তাটো সম্প্ৰসাৰণ কৰাৰ পৰিৱৰ্তে ৰিণিকি ভূঞা শৰ্মা, পীয়ুষ হাজৰিকা আৰু কেশৱ মহন্তৰ মাটি থকা এলেকাৰে পথটো নিয়া হ’ব বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ পথটোৰ সম্প্ৰসাৰণৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক জৰিত কৰাত জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাসহ ছয়গৰাকী লোকৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰিছে ৰিণিকি ভূঞা শৰ্মাই৷ গুৱাহাটীৰ সত্ৰ ন্যায়াধিশৰ আদালতত গোচৰ ৰুজু কৰিছে মুখ্যমন্ত্ৰী পত্নীয়ে৷ ন্যায় সংহিতা ৩৫৬, ৩(৫), ৩(৬) ধাৰাত ৰুজু গোচৰৰ ১০ ফেব্ৰুৱাৰীত শুনানিৰ দিন ধাৰ্য কৰা হৈছে৷ উপমন্যু হাজৰিকাৰ সৈতে গোচৰ ৰুজু কৰা আনকেইগৰাকী লোক হৈছে কলিয়াবৰৰ চাৰিলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ দাবী সমিতিৰ বিষয়-ববীয়া৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে