পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কংগ্ৰেছৰ, গাঁৱৰ ৰাইজৰ ক্ষমতা ৰাইজক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি

গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ পৰিকল্পনাৰে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে। ঘোষণা পত্ৰ নাম দি প্ৰস্তুত কৰা ইস্তাহাৰখনত গ্ৰাম্যঞ্চলৰ জনতাৰ হাতলৈ ২৯টা বিভাগৰ ক্ষমতাৰ লগতে পুঁজিৰ ব্যৱস্থা কৰি প্ৰকৃত গ্ৰাম্য স্বৰাজ গঢ়াৰ বাস্তৱিক কেতবোৰ আঁচনি অন্তৰ্ভুক্ত কৰা এই ইস্তাহাৰখন গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি মুকলি কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। বৰাই প্ৰসংগক্ৰমে কয় যে বিহু আমাৰ যেনেদৰে জাতীয় উৎসৱ, গ্ৰামাঞ্চলত পঞ্চায়ত নিৰ্বাচন হ’ল গণতন্ত্ৰৰ উৎসৱ। এই উৎসৱ আজি অসমৰ গ্ৰামাঞ্চলত ঠায়ে ঠায়ে অনুষ্ঠিত হ’বলৈ দিয়া নাই। নদুৱাৰ সমষ্টিত বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছমুক্ত নদুৱাৰ বুলি কৈ ৰাইজৰ ভোটাধিকাৰ নোহোৱা কৰি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। নগাঁও, মৰিগাঁও, গহপুৰ, লখিমপুৰ, ধেমাজি, নলবাৰীকে ধৰি বৰাক-ব্ৰহ্মপুত্ৰৰ বহু এলেকাত পঞ্চায়ত প্ৰাৰ্থীক ভয়-ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাই বিজেপি দল আৰু চৰকাৰে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ অংশগ্ৰহণত হেঙাৰ সৃষ্টি কৰিছে। এই ধিক্কাৰজনক ঘটনাৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব বুলি উল্লেখ কৰি তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ভাল ফল দেখুৱাব। ঘোষণা পত্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয় যে কংগ্ৰেছৰ দিনত পঞ্চায়তত যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া বিজেপি চৰকাৰে বন্ধ কৰি মাত্ৰ ৩খন আঁচনিহে চলাই ৰাখিছে। গাঁৱৰ মানুহক বিজেপিয়ে ক্ষমতা নিদিয়ে আৰু সেইবাবে তেওঁলোকে এক দেশ এক নিৰ্বাচন বিচাৰে। কংগ্ৰেছে পূৰ্বতে ঘোষণা কৰা সকলো আঁচনি পুনৰ আৰম্ভ কৰিব বুলি বৰাই উল্লেখ কৰে। ইস্তাহাৰ প্ৰস্তুত সমিতিৰ অধ্যক্ষ হিচাপে প্ৰাক্তন সাংসদ ৰিপুণ বৰা আৰু সদস্য হিচাপে বেদব্ৰত বৰা, প্ৰফুল্ল কুমাৰ দাস, অৰূপজ্যোতি ভূঞা মুকলি অনুষ্ঠানত উপস্থিত থাকে। একেদৰে জ্যেষ্ঠ নেতা নৃপেন ঠাকুৰীয়া, দীপ বায়নকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদবীত থকা নেতাসকলো অনুষ্ঠানটোত উপস্থিত থাকে। উল্লেখ্য যে, আজি মুকলি কৰা এই ইস্তাহাৰত জব কাৰ্ডৰ অধিকাৰীক ন্যুনতম এশ দিনৰ কৰ্মনিশ্চিতি আৰু মজুৰি বৃদ্ধি, পঞ্চায়তৰ জৰিয়তে তৃণমূল পৰ্যায়লৈ ক্ষমতা হস্তান্তৰ, পিএমএৱাইৰ অৰ্ধনিৰ্মিত ঘৰসমূহ সম্পূৰ্ণ কৰা, সময়মতে পুঁজি মুকলি কৰা, গ্ৰামাঞ্চলত প্ৰেম-ভাতৃত্ববোধ আসু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা, স্বজন তোষণ নাইকিয়া কৰা, অৰুণোদয়ত চলি থকা দুৰ্নীতি নিৰ্মূল কৰা, প্ৰকৃতাৰ্থত মহিলা সবলীকৰণ, পঞ্চায়ত প্ৰতিনিধিৰ মাহিলি পাৰিতোষিক নিশ্চিতকৰণ, পঞ্চায়তৰ সকলো খালী পদ পূৰণ আৰু অস্থায়ী ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, আঁচনিৰ প্ৰলোভনেৰে মাতৃ সমাজক কৰা অপমান ৰোধ কৰি মহিলাসকলৰ সন্মান অটুত ৰখা, জলজীৱন আঁচনিক পুনৰুজ্জীৱিতকৰ, গ্ৰামাঞ্চলত বৃদ্ধি পোৱা অসামাজিক কাৰ্য ৰোধৰ বাবে সজাগতা গোট গঠন কৰাকে ধৰি গ্ৰামাঞ্চলৰ একাধিক সমস্যাক গুৰুত্ব দিয়া হৈছে।

  • Related Posts

    পৱন হাজৰিকা কাণ্ড, অনা অসমীয়া লবীৰ বিৰুদ্ধে সৰৱ আছু — ন্যায় বিচাৰিছে হুংকাৰ 

    গুৱাহাটী মহানগৰীত পৱন হাজৰিকা নামৰ এজন খিলঞ্জীয়া যুৱকৰ আত্মহত্যাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ পাছত সদৌ অসম ছাত্ৰ সন্থা (আছু)য়ে এই কাণ্ডক “অসমীয়াৰ ওপৰত অনা-অসমীয়া লবীৰ ষড়যন্ত্ৰ” বুলি…

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ