পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক কয় যে ৩ জন লোক আহত হোৱাৰ তথ্য আহিছে। তেওঁলোকৰ শৰীৰত অগ্নিদগ্ধ হোৱা দেখা গৈছে। চিকিৎসকে তেওঁলোকক চিকিৎসা প্ৰদান কৰিছে। অধিকাংশ ড্ৰোন সেনাই নিস্ক্ৰিয় কৰি পেলাইছে। আজি দ্বিতীয়বাৰৰ বাবে পাকিস্তানৰ ড্ৰোন জম্মুত দেখা যায়৷ পুনছ, চাম্বা আৰু উৰিসহ বিভিন্ন ঠাইত পাকিস্তানৰ ফায়াৰিং পুনৰ আৰম্ভ হয়। চাম্বা আৰু পাঠানকোটত ড্ৰোন ধৰা পৰিছে। জম্মু-কাশ্মীৰৰ উধমপুৰ আৰু আখনুৰ, পাঞ্জাবৰ ফিৰোজপুৰ, হৰিয়ানাৰ আম্বালা আৰু পাঞ্চকুলা আৰু ৰাজস্থানৰ জয়ছেলমেৰত ব্ল্যাকআউট ঘোষণা কৰা হৈছে।পাকিস্তানে দ্বিতীয় দিনা আক্ৰমণ কৰিছে সীমান্তৱৰ্তী ভাৰতীয় এলেকাক৷ শুকুৰবাৰে সংবাদমাধ্যমত সেনাৰ কৰ্ণেল ছোফিয়া কুৰেশীয়ে কয় যে পাকিস্তানে ৮ আৰু ৯ মে’ তাৰিখৰ ভিতৰত ভাৰতৰ ৩৬টা স্থানত ৩০০–৪০০ ড্ৰোন ব্যৱহাৰ কৰি লক্ষ্য কৰিছিল৷ কিন্তু বিফল কৰা হৈছে৷ কালি নিশা ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পশ্চিম আৰু উত্তৰ সীমান্তত থকা সেনা ঘাটিসমূহত হোৱা পাকিস্তানৰ ড্ৰোন আৰু মিছাইল আক্ৰমণৰ প্ৰত্যুত্তৰত আক্ৰমণ চলায়। এই আক্ৰমণৰ মূল লক্ষ্য আছিল জম্মু, পাঠানকোট আৰু উধমপুৰ৷ যাৰ ফলত শ্রীনগৰ, চণ্ডীগড় আৰু ভুজসহ ১৫ৰো অধিক চহৰত বিদ্যুৎ বন্ধ কৰা হয়।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে