পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত বাবা ৰামদেৱ, আচাৰ্য বালাকৃষ্ণনক বৃহৎ সহাক উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ পতঞ্জলিৰ ‘বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰ’ত বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণক আজি সকাহ দিছে উচ্চতম ন্যায়ালয়ে। এই মানহানিৰ গোচৰটো বন্ধ কৰি দিছে আদালতে।

পতঞ্জলিৰ সামগ্ৰী সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ বাবে বাবা ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ ক্ষমাপ্ৰাৰ্থনা গ্ৰহণ কৰি আদালতে মানহানিৰ গোচৰটো বন্ধ কৰি দিছে।

যোগগুৰু বালকৃষ্ণ আৰু কোম্পানীটোৰ হৈ অধিবক্তা গৌতম তালুকদাৰে কয় যে, “ৰামদেৱ, বালাকৃষ্ণ আৰু পতঞ্জলি আয়ুৰ্বেদ লিমিটেডে দিয়া প্ৰতিশ্ৰুতিৰ ভিত্তিত আদালতে অৱমাননাৰ কাৰ্য্যবিধি বন্ধ কৰি দিছে। ১৪ মে’ত উচ্চতম ন্যায়ালয়ে অৱমাননাৰ গোচৰ খাৰিজ কৰিছিল।”

কোভিড টিকাকৰণ অভিযান আৰু আধুনিক চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে মানহানি অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় চিকিৎসা সংস্থাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছে শীৰ্ষ আদালতত।

২০২৩ চনৰ ২১ নৱেম্বৰ তাৰিখৰ নিৰ্দেশত শীৰ্ষ ন্যায়ালয়ে কৈছিল যে পতঞ্জলি আয়ুৰ্বেদক প্ৰতিনিধিত্ব কৰা অধিবক্তাই আদালতক আশ্বাস দিছিল যে এতিয়াৰ পৰা কোনো আইন উলংঘা নহ’ব।

পতঞ্জলি আয়ুৰ্বেদে আদালতত কৈছিল যে নিৰ্মিত আৰু বজাৰত বিক্ৰী কৰা সামগ্ৰীৰ বিজ্ঞাপন বা ব্ৰেণ্ডিঙৰ সৈতে জড়িত কোনো আইন উলংঘা কৰা নহ’ব।

কোম্পানীটোৱে নিৰ্দিষ্ট আশ্বাস আৰু পৰৱৰ্তী সময়ত সংবাদ মাধ্যমত দিয়া বক্তব্যসমূহ মানি নচলাৰ বাবে শীৰ্ষ আদালতখন ক্ষুব্ধ হৈ পৰিছিল। ইয়াৰ পিছত আদালতে কোম্পানীটোক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে যে তেওঁলোকৰ বিৰুদ্ধে কিয় অৱজ্ঞাৰ গোচৰ আৰম্ভ কৰিব নালাগে।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…