‘পথত নহয় প্ৰতিযোগিতা, জীৱনেই সৰ্ব্বোচ্চ’, গোৰেশ্বৰত যোগ দিৱস-মটৰ চাইকেল দিৱসত বাইক ৰেলী

আজি বিশ্ব মটৰ চাইকেল দিৱস৷ বিশ্ব মটৰচাইকেল দিৱস উপলক্ষে আজি গোৰেশ্বৰত সজাগতামূলক বাইক ৰেলী উলিয়াই শতাধিক যুৱকে। যুৱ সমাজকৰ্মী কুলদ্বীপ ৰাজবংশীৰ উদ্যোগত উলিওৱা বাইক ৰেলী যোগে পথ সুৰক্ষাৰ প্ৰতি সচেতনতা আৰু দায়িত্বশীল হৈ বাইক চলনৰ বাৰ্তা প্ৰচাৰ কৰা হয়৷ গোৰেশ্বৰ চহৰৰ পুৰা উলিওৱা ৰেলীটোৱে ভাৰত-ভূটান সীমান্তলৈ পৰিভ্ৰমণ কৰে৷ দুৰ্ঘটনা ৰোধৰ বাৰ্তা লৈ গোৰেশ্বৰ-নাওকাটা পথত মটৰ চাইকেল ৰেলী উলিয়াই সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। ৰেলীৰ জড়িয়তে দ্ৰুত গতিত পথত বাইক চলাই বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ বহুলোক মৃত্যু মুখত পৰাৰ লগতে বহুলোক ঘূণীয়া হৈ থাকিবলগীয়া হোৱা বিষয়টোক প্ৰাধান্য দিয়ে। গোৰেশ্বৰৰ যুৱ সমাজে এই কথাক সাৰোগত কৰি মটৰ চাইকেল দুৰ্ঘটনা ৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে৷ লগতে যুৱ সমাজে যোগৰ জৰিয়তে সু-স্বাস্থ্যকৰ জীৱন শীৰ্ষক যোগাৰ আয়োজন কৰে৷ যোগ দিৱস আৰু বিশ্ব মটৰ চাইকেল দিৱসৰ দিনটোত যুৱ সমাজে গ্ৰহণ কৰা এই পদক্ষেপক ৰাইজে শলাগ লয়৷ আয়োজক যুৱ সমাজকৰ্মী কুলদ্বীপ ৰাজবংশীয়ে সাংবাদিকৰ মুখামুখি হৈ কয় যে যুৱ সমাজৰ সৈতে গঠনমূলক পদক্ষেপত অংশ লোৱাৰ সুযোগ পাই গৰ্বিত অনুভৱ কৰিছো৷ সামাজিক সজাগতা আৰু পথৰ সুৰক্ষাৰ ক্ষেত্ৰত এনে জনমুখী আয়োজনসমূহে বিশেষ ভূমিকা পালন কৰে। সকলোতকৈ মূল্যবান সম্পদ হৈছে জীৱন তথা মানৱ সম্পদ। সেয়েহে জীৱন ৰক্ষা কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব। ‘পথত নহয় প্ৰতিযোগিতা, জীৱনেই সৰ্ব্বোচ্চ’ ৰেলীৰ মুখ্য বাৰ্তা এয়াই আছিল বুলি ৰাজবংশীয়ে৷

  • Related Posts

    শিলসাঁকোৰ উচ্ছেদিতৰ আৱেগিক প্ৰতিবাদঃ “আমি মানুহ নহয় নে? অসমীয়াই নহয় নে?”

    মহানগৰীৰ শিলসাঁকো উচ্ছেদিত পৰিয়ালসকলে আজি আকৌ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত উচ্ছেদ হৈ তিনিবছৰ ধৰি আশ্ৰয়হীন জীৱন কটাই থকা এই পৰিয়ালসকলে পুনৰ সংস্থাপন আৰু উপযুক্ত…

    অসমীয়া ভাষাৰ বিৰুদ্ধে মন্তব্য — মইনুদ্দিনক গ্ৰেপ্তাৰৰ দাবী, ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

    অসমীয়া ভাষা আৰু জাতিসত্তাক লক্ষ্য কৰি প্ৰদান কৰা **ABMSU (অল বিটিচি মাইনৰিটি ছাত্ৰ ইউনিয়ন)**ৰ এগৰাকী নেতাৰ বিতৰ্কিত মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মইনুদ্দিন আলী নামৰ উক্ত নেতাগৰাকীয়ে ধুবুৰীৰ চাপৰৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে