পাকিস্তানক সমৰ্থনৰ অভিযোগ, অখিল গগৈৰ ঘনিষ্ঠ অনিল বনিয়াক গ্ৰেপ্তাৰ

পাকিস্তানক সমৰ্থন কৰি ফেচবুক লাইভ কৰাৰ অভিযোগত অখিল গগৈৰ ঘনিষ্ঠ ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে বিহালী আৰক্ষীয়ে৷ অনিলৰ বিৰুদ্ধে পেহেলগামৰ বৰ্বৰ ঘটনা সন্দৰ্ভত পাকিস্তানক আওপকীয়াকৈ সমৰ্থন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ দৃষ্টি গোচৰ হোৱাত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। ছ’চিয়েল মিডিয়াত পেহেলগামত পাকিস্থানী উগ্ৰপন্থী সংগঠনে সংঘটিত কৰা নাৰকীয় হত্যাযজ্ঞক লৈ বিতৰ্কিত মন্তব্য কৰিছিল৷ বিহালী আৰক্ষীয়ে ৪২/২৫ নম্বৰৰ গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ১৩৩ (৩)/১৫২/১৯৬/১৯৭ (১)/৩৫২/৩৫৩ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে অনিল। বিহালী আৰক্ষীয়ে অনিল বনিয়াক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা হৈছে৷ ছাত্ৰ নেতা অনিলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গোচৰ ৰুজু কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অনিলক গ্ৰেপ্তাৰ সন্দৰ্ভত এই পৰ্যন্ত প্ৰতিক্ৰিয়া দিয়া নাই অখিল গগৈ বা সংগঠনৰ নেতৃত্বই।

  • Related Posts

    ধুবুৰীৰ চাপৰত আদানী প্ৰকল্পৰ বাবে ৩৫০০ বিঘা মাটিত বৃহৎ উচ্ছেদ অভিযান — উত্তপ্ত পৰিস্থিতি

    অসম চৰকাৰৰ উদ্যোগত আজিৰে পৰা নামনি অসমৰ ধুবুৰী জিলাৰ চাপৰত আৰম্ভ হৈছে ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান। আদানী গোটৰ প্ৰস্তাৱিত তাপ-বিদ্যুৎ প্ৰকল্পৰ বাবে ৩৫০০ বিঘা ভূমি খালী কৰিবলৈ ১০৬৯টা…

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে