পাকিস্তানত নৃশংস ঘটনা! ঘাইপথত বাছৰ পৰা নমাই কমেও ২৩ যাত্ৰীৰ অস্ত্ৰধাৰীৰ গুলীয়াই হত্যা

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বেলিচিস্তানত সোমবাৰে অস্ত্রধাৰী দুৰ্বৃত্তই কৰা গুলীবৰ্ষণত কমেও ২৩ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। দেশখনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বেলুচিস্তানৰ মুছাখেল জিলাত দুৰ্বৃত্তই বাছৰ পৰা যাত্ৰীসকলক নমাই তেওঁলোকৰ পৰিচয় সোধে আৰু তাৰ পিছতে ২৩ জন যাত্ৰীক গুলীয়াই হত্যা কৰে।

মুছাখেলৰ সহকাৰী আয়ুক্ত নাজিব কাকাৰৰ উদ্ধৃতি দি প্ৰকাশিত বাতৰি অনুসৰি মুছাখেলৰ ৰাৰছাম জিলাৰ আন্তঃপ্ৰদেশীয় ঘাইপথত প্ৰথমে অস্ত্ৰধাৰী লোকে অৱৰোধ কৰিছিল। ইয়াৰ পিছতে পাৰ হৈ যোৱা বাছবোৰ ৰখাই যাত্ৰীসকল নমাই আনে। জানিব পৰা মতে যাত্ৰীসকলৰ পৰিচয় পত্ৰ বিচৰাৰ পিছতে গুলীচালনা কৰে। নিহত আটাইকেইজন পঞ্জাৱ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।

কাকাৰৰ উদ্ধৃতি দি কোৱা হৈছে যে অস্ত্ৰধাৰী লোকেও ১০খন বাহনত অগ্নিসংযোগ কৰে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহকেইটা চিকিৎসালয়লৈ নিবলৈ আৰম্ভ কৰে। বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগটিয়ে এই সন্ত্ৰাসবাদী ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি সন্ত্ৰাসবাদীৰ কাপুৰুষালিত নিহত হোৱা লোকসকলৰ পৰিয়াললৈ তেওঁ আন্তৰিক শোক আৰু সমবেদনা জ্ঞাপন কৰে।

 

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…