
পেহেলগামত ২২ এপ্ৰিল তাৰিখে হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণত ২৬ গৰাকী নিৰীহ পৰ্যটকৰ মৃত্যু হোৱাৰ প্ৰত্যাঘাত স্বৰূপে ভাৰতীয় সেনাই ৬ মে’ৰ নিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা স্থানত লক্ষ্যভেদী এয়াৰ ষ্ট্ৰাইক (Air Strike) চলাই শতাধিক সন্ত্ৰাসবাদীক নিহত কৰে। এই তথ্য আজি প্ৰকাশ কৰে ভাৰতৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
এই অভিযানৰ পাছতেই পাকিস্তানে প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ৭ মে’ৰ ৰাতিৰে পৰা ৮ মে’ৰ পুৱালৈ ভাৰতৰ উত্তৰ আৰু পশ্চিম অংশৰ ১৫টা সামৰিক ঘাটিক লক্ষ্য কৰি ড্ৰোন আৰু মিছাইলযোগে আক্রমণ চলায়। যোৱা কিছুমান চহৰ — আৱন্তিপুৰা, শ্ৰীনগৰ, জম্মু, পাঠানকোট, অমৃতসৰ, কপূৰথলা, জলন্ধৰ, লুধিয়ানা, আদমপুৰ, বঠিণ্ডা, চাণ্ডীগড়, নল, ফলোডি, উত্তৰলায় আৰু ভুজ — এই সকলোবোৰ পাকিস্তানৰ মিছাইলৰ লক্ষ্যভুক্ত আছিল।
কিন্তু ভাৰতীয় সংহত প্ৰতি-ড্ৰোন আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলো মিছাইল আৰু ড্ৰোন আকাশতে ধ্বংস কৰি পাকিস্তানৰ ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ কৰি দিয়ে।
ভাৰতীয় ৰক্ষা মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে পাকিস্তানৰ আক্ৰমণৰ পৰা সংগৃহীত ধ্বংসাৱশেষ পৰীক্ষা কৰি নিশ্চিত কৰা হৈছে যে এই আক্ৰমণ পাকিস্তানৰ পৰা আহিছিল। প্ৰতিশোধ হিচাপে, ভাৰতীয় সেনাই পাকিস্তানৰ বিভিন্ন স্থানত থকা বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু ব্যৱস্থাসমূহ লক্ষ্য কৰি প্ৰতিআক্রমণ চলায়, য’ত লাহোৰৰ এটা এয়াৰ ডিফেন্স চিষ্টেম সম্পূৰ্ণভাৱে ধ্বংস কৰা হয়।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয়, “আজিৰ পুৱা ভাৰতীয় সেনাই পাকিস্তানৰ বহু স্থানত থকা এয়াৰ ডিফেন্স ৰাডাৰ আৰু চিষ্টেম লক্ষ্য কৰি সফলভাৱে আক্ৰমণ চলাইছে। ভাৰতীয় প্ৰতিক্ৰিয়া পাকিস্তানৰ আক্ৰমণৰ সমান পৰিসৰ আৰু তীব্ৰতাত দিয়াহৈছে।”
ইপিনে, সীমান্তত উত্তেজনা অব্যাহত ৰাখি পাকিস্তানে জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, উৰী, পুঞ্চ, মেন্ধাৰ আৰু ৰাজৌৰি অঞ্চলত অযৌক্তিকভাৱে মৰ্টাৰ আৰু কামানৰ আক্ৰমণ চলাইছে। এই আক্ৰমণত ইতিমধ্যে ১৬ গৰাকী নিৰীহ নাগৰিক — যাৰ ভিতৰত তিনিজন মহিলা আৰু পাঁচজন শিশু — নিহত হৈছে। ভাৰত বাধ্য হৈ এই আক্ৰমণৰ প্ৰত্যুত্তৰত তীব্ৰ প্ৰতিসঁহাৰি দিয়ে।
ভাৰতীয় সেনাই চলোৱা অপাৰেশ্যন সেন্দূৰ ৬ মে’ৰ নিশা পুৱা ১:০৪ বজাৰ পৰা ১:৩০ বজালৈ চলা এই অভিযানত সন্ত্ৰাসবাদীৰ ঘাটিসমূহ লক্ষ্য কৰি সঠিকভাৱে আক্ৰমণ কৰা হয়। সেনা বিষয়াসকল — কৰ্নেল ছফিয়া কুৰেশী আৰু উইং কমাণ্ডাৰ ভোমিকা সিঙে — সংবাদ মাধ্যমক সদৰি কৰে যে এই অভিযানৰ লক্ষ্যস্থলসমূহ নিৰ্বাচিত হৈছিল বিশ্বাসযোগ্য গোপন তথ্যৰ ভিত্তিত।
এইদৰে, ভাৰতীয় সেনাৰ সময়োপযোগী আৰু সঠিক প্ৰতিক্ৰিয়াই কেৱল পাকিস্তানৰ আগ্ৰাসন প্ৰতিহত কৰিলেই নহয়, দেশৰ সীমান্ত সুৰক্ষিত ৰাখিবলৈ সক্ষম হৈছে।