
আজি গুৱাহাটীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংবাদিকৰ মুখামুখি হৈ পুনৰ আক্ৰমণ কৰিছে গৌৰৱ গগৈক৷ মুখ্যমন্ত্ৰীয়ে কয় যে সাংসদগৰাকীৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা৷ তেখেতে ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই৷ এই সময়ছোৱাত সংসদগৰাকীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল নেকি? পাক ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰাৰ সময়ত বৈদেশিক পৰিক্ৰমা বিভাগক সাক্ষাৎ কৰিছল নে নাই৷ কেনেকৈ কিয় লগ পালো সেই কথা ক’ব লাগিব সাংসদগৰাকীয়ে৷ গৌৰৱ গগৈয়ে গোচৰ তৰিব খোজাত উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে বিষয়বোৰৰ উত্তৰ নিদিয়াকৈ গোচৰৰ কথা কোৱা হৈছে। সাধাৰণতে পাকিস্তানৰ দূতাবাসত কিয় ল’ৰা-ছোৱালীক বিলাকক লৈ গৈছিল৷ সাধাৰণতে পাকিস্তানৰ দূতাবাসত ব্ৰেইন ৱাছ হয়৷ পাকিস্তান আৰু ভাৰতে একেঘৰতে থাকিব নোৱাৰে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে তেখেতৰ আদৰ্শত পত্নী যদি আইএছআই মই ৰ’৷ তাৰ মানে ভাৰত আৰু পাকিস্তান দুয়োখন বন্ধু ৰাষ্ট্ৰ৷ দুয়োটা একেখন ঘৰত থাকিব পাৰে বুলিও প্ৰশ্ন কৰে ড০ শৰ্মাই৷