
আলফা স্বাধীনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত যুৱকক গ্ৰেপ্তাৰ কৰি শাৰীৰিত আতিশয্যা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অসীম অধিকাৰী নামক যুৱকে এই অভিযোগ উত্থাপন কৰি কয় যে আলফা স্বাধীনৰ সৈতে সম্পৰ্ক থকা সন্দেহত গ্ৰেপ্তাৰ কৰি পাণবজাৰ আৰক্ষীয়ে নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল৷ জানিব পৰা মতে, ২০২৪ চনৰ ১৫ ছেপ্তেম্বৰ এজন যুৱক জেমচ ৰংপিক ১৫ আগষ্টৰ বোমা বিস্ফোৰণৰ জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয়। নিষিদ্ধ সংগঠনৰ সৈতে সম্পৰ্ক থকা কোনো দৃঢ় প্ৰমাণ নহ’ল৷ তথাপিও তেওঁক বন্দী কৰি প্ৰায় তিনি মাহ জেলত ৰাখা হয় আৰু পাছত মুকলি কৰা হয়। মুক্তি পোৱাৰ পিছত সংবাদমাধ্যমৰ মুখামুখি হৈ অসীম অধিকাৰীয়ে কয় যে মোৰ বিৰুদ্ধে কোনো প্ৰমাণ নাথাকিলেও মোক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ জিম্মাত মোক অনাহাৰে ৰখা হৈছিল৷ মানসিক আৰু শাৰীৰিকভাৱে নিয়মিত প্ৰহাৰ কৰা হৈছিল। কেতিয়াবা অত্যাচাৰ ইমান অসহনীয় হৈ পৰিছিল যে মই আত্মহত্যা কৰাৰ কথা চিন্তা কৰিছিলো৷ অসীমে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ সঠিক আৰু ন্যায়সঙ্গত তদন্তৰ আবেদন জনাইছে৷ যাতে তেওঁৰ গ্ৰেপ্তাৰ আৰু জিম্মাত থকা অৱস্থাত হোৱা অত্যাচাৰৰ সঠিক তদন্ত কৰা হয়।