

দেশত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা৷ এইবাৰ উত্তৰ প্ৰদেশত বৃহৎ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে৷ তীব্ৰবেগী যাত্ৰীবাহী সাবৰমতী এক্সপ্ৰেছৰ কেইবাটাও দবা লাইনচ্যুত হোৱাত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷
জানিব পৰা মতে, সাবৰমতী এক্সপ্ৰেছ ৰে’লখন বাৰাণসী জংচনৰ পৰা আহমেদাবাদ অভিমুখে গৈ আছিল। সেই সময়তে লাইনচ্যুত হয় ২০টাকৈ দবা। পুৱতি নিশা প্ৰায় ২ বাজি ৩০ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনা।
ৰে’লৱে ব’ৰ্ডৰ বিষয়াই কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিছে৷