
প্ৰথিতযশা সংগীত পৰিচালক, সংগীত শিল্পী ৰমেন বৰুৱা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ৰমেন বৰুৱাই আজি পুৱা মহানগৰীৰ লতাশিলস্থিত গণেশ মন্দিৰলৈ আহিম বুলি ঘৰৰ পৰা ওলাই আহিছিল৷ তাৰ পাছতে পৰিয়ালৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকা বুলি জানিব পাৰি গৈছে৷ শিল্পীগৰাকীৰ মোবাইল চুইটছ অফ হৈ আছে। ইতিমধ্যে পৰিয়ালে লতাশিল আৰক্ষীৰ কাষ চাপিছে৷ প্ৰায় ১৫ ঘণ্টা ধৰি সন্ধানহীন সংগীত শিল্পীগৰাকীৰ বিচাৰি স্থানীয় লোকেও অভিযান চলাইছে৷