পূৰ্বৰ ভোটাৰ তালিকাতে হ’ব নিৰ্বাচন, উপ-নিৰ্বাচনৰ পূৰ্বে ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

লোকসভা নিৰ্বাচনৰ ফলত ৰাজ্যত খালী হোৱা পাঁচটা বিধানসভা সমষ্টিত শীঘ্ৰে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৷ উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ৷ ৰাজ্যিক নিৰ্বাচন বিভাগে পাঁচটা বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে।

বঙাইগাঁও, চামগুৰি, ধলাই, বিহালী আৰু ছিদলী বিধানসভা সমষ্টিৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্যিক নিৰ্বাচন বিভাগে৷ প্ৰকাশিত তথ্য অনুসৰি পূৰ্বৰ ভোটাৰ তালিকা অনুসৰিয়েই ৫ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷

২০২১ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ ভোটাৰ তালিকাসমূহ নৱীকৰণ কৰি উপ-নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব। খচৰা ভোটাৰ তালিকা দাবী আৰু আপত্তি দাখিল কৰাৰ সময়সীমা ১০ আগষ্টলৈ থাকিব।

ceoassam.nic.in পৰ্টেলৰ পৰা অনলাইন আবেদনপত্ৰ সংগ্ৰহ কৰি বি এল অ’ নতুবা ই আৰ অ’ অথবা ডি ই অ’ কাৰ্যালয়ত জমা দি ১৯ আগষ্টলৈ নিষ্পত্তিকৰণ কৰিব পাৰিব। ২০ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব।

বঙাইগাঁও বিধানসভা সমষ্টিত ১,৮২,৩৫৪গৰাকী ভোটাৰ আছে৷ ইয়াৰে ৮৯৫১০ পুৰুষ, ৯২৮৪২ মহিলা। মুঠ ভোট কেন্দ্ৰ আছে ২২৪৬টা। ৫৬টা নগৰ অঞ্চলত আৰু ১৯০টা গ্ৰামাঞ্চলত।

চামগুৰি বিধানসভা সমষ্টিত ১,৮০,৪৪৮ গৰাকী ভোটাৰ আছে। ইয়াৰে ৯১,৩০৪ পুৰুষ, ৮৯,১৩৩ মহিলা ভোটাৰ। মুঠ ভোট কেন্দ্ৰ ১৯৭টা।

ধলাই সমষ্টিত ভোটাৰ ১,৯৬,৭৭২ গৰাকী ভোটাৰ আছে। ইয়াৰে ৯৯,৪৩১ পুৰুষ, ৯৭৩৪০ গৰাকী মহিলা। মুঠ ভোট কেন্দ্ৰ ২০৮টা।

বিহালী বিধানসভা সমষ্টিত ১,৩৩,৩০০ গৰাকী ভোটাৰ আছে। ইয়াৰে ৬৫,৯৩৪ পুৰুষ, ৬৬৩৬৫ গৰাকী মহিলা। মুঠ ভোট কেন্দ্ৰ ১৫৪টা।

ছিদলী সমষ্টিত ২,১২,৫৫৫ গৰাকী ভোটাৰ আছে। ইয়াৰে ১,০৫,১৩৩ গৰাকী মহিলা, ১,০৬,৯২০ গৰাকী মহিলা।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু