

নিউজ ডেস্কঃ ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই পেৰিছ অলিম্পিকত ৮৯.৪৫ মিটাৰ বেষ্ট থ্ৰ’ৰে ৰূপৰ পদক লাভ কৰে। এই ছিজনত নীৰজৰ এয়া সৰ্বোত্তম প্ৰদৰ্শন হিচাপে পৰিগণিত হয়। ইয়াৰ লগে লগে স্বাধীনতাৰ পিছত এথলেটিকছত দুটাকৈ অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে নীৰজ। নীৰজে টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰৰ সৰ্বোচ্চ প্ৰচেষ্টাৰে স্বৰ্ণ পদক লাভ কৰিছিল যদিও পেৰিছত টকিঅ’ৰ প্ৰদৰ্শন পুনৰাবৃত্তি কৰিব নোৱাৰিলে। পাকিস্তানৰ নদীমে দ্বিতীয়বাৰৰ চেষ্টাত ৯২.৯৭ মিটাৰ নিক্ষেপ কৰি স্বৰ্ণ পদক লাভ কৰে। ১৯৯২ চনৰ বাৰ্চিলোনা অলিম্পিকৰ পিছত পাকিস্তানৰ এইটোৱেই প্ৰথম অলিম্পিক পদক। গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৮.৫৪ মিটাৰ বেষ্ট থ্ৰ’ৰে তৃতীয় স্থান দখল কৰে।
পাকিস্তানৰ আৰ্ছাদ নাদীমে প্ৰথম প্ৰচেষ্টাত ফাউলৰ জৰিয়তে আৰম্ভণি কৰে। আৰম্ভণিৰে পৰাই নদীমৰ পৰা কঠিন প্ৰত্যাহ্বানৰ আশা কৰিছিল নীৰজে। একে সময়তে জুলিয়ান ৱেবাৰেও প্ৰথম প্ৰচেষ্টাত ফাউল কৰে। পেৰিছ অলিম্পিকৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন নীৰজ চোপ্ৰাইও ফাউলৰ জৰিয়তে আৰম্ভণি কৰিছিল। নীৰজে জেভলিন নিক্ষেপ কৰাৰ পিছত নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি লাইন স্পৰ্শ কৰে যাৰ বাবে তেওঁৰ এই প্ৰচেষ্টাক ফাউল ঘোষণা কৰা হয়। জনা যায় যে নীৰজে অৰ্হতাত প্ৰথমবাৰৰ বাবে ৮৯.৩৪ মিটাৰ নিক্ষেপ কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
পাকিস্তানৰ আৰ্ছাদ নাদীমে দ্বিতীয়টো প্ৰচেষ্টাত ৯২.৯৭ মিটাৰ নিক্ষেপ কৰি অলিম্পিকৰ অভিলেখ গঢ়ি শীৰ্ষ স্থানত উপনীত হয়। নদীমৰ এই থ্ৰ’ অলিম্পিকত নিক্ষেপ কৰা সৰ্বশ্ৰেষ্ঠ থ্ৰ’। ইয়াৰ পূৰ্বে অলিম্পিকত সৰ্বোত্তম থ্ৰ’ আছিল ৯০.৫৭ মিটাৰ। এই অভিলেখ আছিল নৰৱেৰ আন্দ্ৰেয়াছ থৰকিল্ডচেনৰ নামত। ২০০৮ চনত বেইজিং গেমছত আন্দ্ৰেয়াছে এই অভিলেখ গঢ়িছিল যদিও নদীমে এই অভিলেখ ভংগ কৰে।
ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই দ্বিতীয় প্ৰচেষ্টাত উজ্জ্বল প্ৰদৰ্শন কৰি ৮৯.৪৫ মিটাৰ নিক্ষেপ কৰি আৰ্ছাদ নদীমৰ পিছতে দ্বিতীয় স্থান লাভ কৰে। এইটো আছিল নীৰজৰ কেৰিয়াৰৰ দ্বিতীয়টো থ্ৰ’ আৰু এই ছিজনৰ সৰ্বশ্ৰেষ্ঠ থ্ৰ’। তৃতীয় প্ৰচেষ্টাত পাকিস্তানৰ আৰ্ছাদ নাদীমে ৮৮.৭২ মিটাৰ থ্ৰ’ কৰি প্ৰথম তিনিটা চেষ্টাৰ পিছতো শীৰ্ষত থাকে। তৃতীয় প্ৰচেষ্টাতো নীৰজ চোপ্ৰাই ফাউল কৰে। ইয়াৰ পিছত নীৰজে পৰৱৰ্তী তিনিটা চেষ্টা ফাউল কৰে। ফাইনেলত নীৰজে মাত্ৰ এটা সফল প্ৰচেষ্টাহে কৰিব পাৰিলে।
নীৰজ চোপ্ৰাই অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিব নোৱাৰিলে যদিও অলিম্পিকত দুটা পদক লাভ কৰা চতুৰ্থজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। নীৰজৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল কেৱল মল্লযুঁজাৰু সুশীল কুমাৰ, বেডমিণ্টন তাৰকা পিভি সিন্ধু আৰু শ্বুটাৰ মনু ভাকৰে। সুশীল কুমাৰে ২০০৮ চনত ব্ৰঞ্জৰ পদক আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৬৬ কেজি ওজন শাখাত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে সিন্ধুৱে ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ৰূপৰ পদক আৰু টকিঅ’ ২০২০ত মহিলা একক ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। পেৰিছ অলিম্পিকতেই ব্যক্তিগত আৰু মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল মহিলা শ্বুটাৰ মনু ভাকৰে।