পেৰিছ অলিম্পিকৰ বক্সিং ৰিঙত আক্ৰমণাত্মক ৰূপত দেখা গ’ল অসম কন্যা লাভলীনা বৰগোহাঁইক৷ পেৰিছ অলিম্পিকত প্ৰথম দিনটোতে বিজয়ী হৈ যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ আজি শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি উজ্বলি উঠিছে৷
৭৫ কেজি শাখাত নৰৱেৰ ছুনিভা হফষ্টাডক পৰাজিত কৰে লাভলীনাই। ৰাউণ্ড অফ-১৬ৰ মেচখনত লাভলীনাই ৫-০ ব্যৱধানত বিজয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷ ৪ আগষ্টত আছে পৰৱৰ্তী মেচ।লাভলীনাই ৪ আগষ্টৰ কোৱাৰ্টাৰ ফাইনেলৰ মেচত বিজয় সাব্যস্ত কৰিলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ছেমি ফাইনেলত প্ৰৱেশ কৰিলেই লাভলীনাৰ এটা পদক নিশ্চিত।