পোনাকণ বৰুৱাৰ চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিত হাত-পদুম এৰি হাতীত উঠিল কেইবা শ লোক

অসমত বিজেপিৰ সদস্য ভৰ্তি ৫১ লাখতকৈ অধিক হোৱাৰ খবৰে চৰ্চা লাভ কৰাৰ সময়তে বিজেপি দলৰ সহযোগী অসম গণ পৰিষদ পিছ পৰি থকা নাই৷ অসম চৰকাৰৰ অংশীদাৰ ৰাজ্যৰ শক্তিশালী আঞ্চলিক দল অসম গণ পৰিষদৰ নেতাসকল দলটোক শক্তিশালী কৰিবলৈ তৎপৰ হৈ পৰিছে৷ গাঁৱে-ভূৱে অগপৰ নেতাসকল সোমাই পৰিছে৷ ২০২৬ চনৰ নিৰ্বাচনত আসন ভাগ-বাটোৱাৰাত গুৰুত্ব লাভৰ লক্ষ্য লৈ আঞ্চলিক দলটোৰ ভেটি শক্তিশালী কৰিবলৈ যোগদান কাৰ্যসূচী ত্বৰান্বিত কৰিছে৷ দলটোৰ উজনি অসমৰ বিধায়ক পোনাকণ বৰুৱাও পিছ পৰি থকা নাই৷ বিজেপিৰ প্ৰাক্তন ৱাৰ্ড সদস্যসহ তিনিখন গাঁৱৰ ৰাইজক অগপত যোগদান কৰাই শক্তি প্ৰদৰ্শন কৰিছে৷ অসম আন্দোলনৰ পটভূমিত প্ৰতিষ্ঠা লাভ কৰা আৰু অসমৰ জনগণৰ বিপুল সমৰ্থন লাভ কৰি দুবাৰকৈ চৰকাৰ গঠন কৰা অসম গণ পৰিষদ দলত চাবুৱা-লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিকম গাঁও পঞ্চায়তৰ তিনিখন গাঁৱৰ লোকে যোগদান কৰে৷ ডিকম গাঁও পঞ্চায়তৰ নাদুৱা গ্ৰাণ্ট, ১নং হাতীগাধৈ, ২নং হাতীগাধৈ গাঁৱৰ ৰাইজে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ উপস্থিতিত অগপত যোগদান কৰে। আজি হাতীগাধৈ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান সভাত চনিয়া গগৈৰ গীতেৰে সভাৰ শুভাৰম্ভ হয়। তাৰ পাছতে ৩খন গাঁৱৰ ৰাইজে অগপ দলত যোগদান কৰে। বিজেপি নাদুৱা গ্ৰাণ্ট গাঁৱৰ প্ৰাক্তন ৱাৰ্ড সদস্য তথা চাবুৱা মণ্ডলৰ উপ-সভাপতি ৰাতুল গগৈ, বিজেপি ১০৩নং হাতীগাধৈ বুথ সভাপতি ফটিক ঘৰফলীয়া, ১০১নং নাদুৱা জলকীয়া লাইন বুথ সভাপতি হৰিপ্ৰসাদ তাচা, ১০৩নং হাতীগাধৈ বুথ সম্পাদক জয়ন্ত শইকীয়া, নিৰ্মল গগৈ, বুলু গগৈ, মনোৰঞ্জন গগৈ, ৰুবুল কোঁৱৰ, বাবুলাল মূড়া, লোকাচ গগৈ, জিতু গগৈ, মনোজ গগৈ, মৃদুল গগৈ (জিতুল), দিপজ্যোতি গগৈ, গোপাল কৰ্মকাৰ, বাবুল গগৈ, দিব্যলতা শইকীয়া, ক্ষীৰোদ চেতিয়া, হিৰুজ গোঁহাই, বুল শইকীয়া, দিগন্ত শইকীয়া, সুমিত গগৈ, বিনোদ গগৈ, অমিয় গগৈ, মজিন গগৈ, বিজয় বৈঞ্চৱ, গোবিন্দ শইকীয়া, ৰুবুল গগৈ, অনুপ ঘৰফলীয়া, তুৰন ঘৰফলীয়া, মনোজ বাৰলাৰ লগতে গাঁওকেইখনৰ ৰাইজে অগপত যোগদান কৰে। যোগদান কাৰ্যসূচীত অগপৰ চাবুৱা-লাহোৱাল সমষ্টিৰ সভাপতি কৃষ্ণানন্দ দুৱৰা, সম্পাদক নিতুল কুমাৰ শইকীয়া, কাৰ্যকৰী সভাপতি নিপুল কোঁৱৰ, অগপ মহিলা পৰিষদৰ সভানেত্ৰী অঞ্জলী গগৈ, জ্যেষ্ঠ নেতা প্ৰভাত চাহু উপস্থিত থাকে।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ